NORTHEAST NOW (Assamese)
Popular Stories

দেশবাসীক মোদীৰ আহ্বান : পিন্ধক ঘৰত বনোৱা মাস্ক, কিটিপ শিকক এই দুগৰাকী অভিনেত্ৰীৰ পৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 12:26 pm
Capture

আজি প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰিলে লকডাউন। ক’ৰ’না বিৰোধী যুঁজত জয়ী হ’বলৈ মোদীয়ে দেশবাসীক ঘৰতে তৈয়াৰ কৰা মাস্ক পিন্ধাৰ আহ্বান জনায়।

ঘৰত কেনেদৰে মাস্ক বনাব পাৰি তাৰ বিষয়ে যদি আপোনাৰ মনত প্ৰশ্ন উদয় হৈছে তেন্তে সেয়া সহজ কৰি তুলিছে হিনা খান আৰু আদা শৰ্মাই।

এই দুয়োগৰাকী অভিনেত্ৰীয়ে কিছুদিন পূৰ্বে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত মাস্ক বনোৱা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

ভিডিঅ’ৰ জৰিয়তে হিনা খানে তেওঁৰ অনুৰাগীসকলক মাস্ক বনোৱাৰ কৌশল শিকাইছিল। উল্লেখ্য যে ঘৰত বনোৱা মাস্কৰ উপকাৰিতা হ’ল ইয়াক ভালদৰে ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰি।

 

View this post on Instagram

 

So here is my attempt to teach some simple measures of how to make a mask at home. I tried to make the process and the masks, both as interesting as possible for you guys and hope it will encourage a lot of you to make one for yourself. #WeAreInThisTogether #LetsFightCovid19

A post shared by HK (@realhinakhan) on

হিনাই অতি সহজ তথা সাধাৰণভাৱে মাস্ক বনোৱা ভিডিঅ’ শ্বেয়াৰ কৰাত সকলোৱে ইয়াৰ প্ৰশংসা কৰিছে।

আনহাতে আদা শৰ্মাই মোজা ব্যৱহাৰ কৰি ঘৰতে মাস্ক বনোৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। আদাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিল। আদাৰ মাস্ক বনোৱা ভিডিঅ’টো হিনাতকৈও সহজ বুলি বহুতে মন্তব্য কৰিছে।

 

View this post on Instagram

 

Tag all your friends who should make this and then tag me so I can see what u guys maade ? . Again DO NOT go out of your house…but if you have to for emergencies then you must wear a mask. If you don’t have a mask ,now you do ! . 3 Home made masks I’ve put on the YouTube channel (link in bio) the fake Adah Sharma’s channel (there are several) all pop up and they have lots and lots of subscribers ?? #coronamask #corona #adahsharma

A post shared by Adah Sharma (@adah_ki_adah) on

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে বলিউদৰপ তাৰকাসকল ঘৰতে আৱদ্ধ হৈ আছে। এই সংকটৰ সময়ত তাৰকা সকলে নিজৰ নিজৰ অনুৰগীসকলক বিভিন্ন ধৰণে মনোৰঞ্জন দিয়াৰ লগতে ক’ৰ’নাৰ বিৰুদ্ধে সতৰ্ক কৰিবলৈও বিভিন্ন পন্থা অৱলম্বন কৰিছে।