NORTHEAST NOW (Assamese)
Popular Stories

Ameesha Patel: কিয় আমিষা পেটেলৰ বিৰুদ্ধে জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2021 8:28 am
Amisha Patel

Ameesha Patel আইনৰ ৰোষত পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী আমিষা পেটেল। প্ৰায় ৩২ লাখ টকাৰ বিত্তীয় প্ৰতাৰণাৰ অভিযোগত আমিষাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা।

জামিনযোগ্য ধাৰাত জাৰি কৰা এই গ্ৰেপ্তাৰী পৰোৱানাত অহা ৪ ডিচেম্বৰৰ ভিতৰত আমিষাক ভূপালৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইউটিএফ টেলিফিল্ম প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বিত্তীয় প্ৰতাৰণাৰ অভিযোগ দাখিল কৰিছিল।

Also Read: Road Accident কোকৰাঝাৰৰ কচুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই মটৰচাইকেল আৰোহী, জ্বলিল ট্ৰাক

সংস্থাটোৱে অভিযোগ কৰিছিল যে ছবি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি নিজৰ প্ৰযোজনা সংস্থাৰ নামত ৩২লাখ ২৫হাজাৰ টকা লৈছিল আমিষাই। সেয়া পাছত চেকৰ জৰিয়তে ঘুৰাই দিয়ে যদিও সেই চেক বাউন্স হয়।

তাৰ পাছতে সংস্থাটোৱে আমিষাৰ বিৰুদ্ধে বিত্তীয় প্ৰতাৰণাৰ গোচৰ ৰুজু কৰে।

বলীউদৰ এখন অতি জনপ্ৰিয় ছবি ‘কহোনা প্যাৰ হায়’ত হৃতিক ৰোশনৰ বিপৰীতে চলচ্চিত্ৰত কেৰিয়াৰ আৰম্ভ কৰিছিল আমিষাই। সেই ছবিখন বলীউদৰ ব্লকব্লাষ্টাৰ হিট ছবি হিচাপে পৰিগণিত হৈছিল।

Also Read:Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

আমিষাই ছানী দেউলৰ বিপৰীতে অভিনয় কৰা ছুপপাৰহিট ‘গড্ডাৰ-এক প্ৰেম কথা’ ছবিখনেৰেও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পাছতো আমিষাই বলীউদৰ বহু ছবিত অভিনয় কৰিছে।