NORTHEAST NOW (Assamese)
অসম

Covid-19 Update অ’মিক্ৰনক লৈ বৃদ্ধি শংকা; দেশত নিয়ন্ত্ৰণাধীন কৰ’নাৰ দৈনিক সংক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2021 12:29 pm
12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080

Covid-19 Update দেশত ’মিক্ৰন ভেৰিয়েন্টৰ আতংক বিয়পি পৰাৰ মাজতে আজি দৈনিক আক্ৰান্ত আৰু মৃত্যু দুয়োটাই সন্তুলিত আৰু নিয়ন্ত্ৰণাধীন বুলি ক’ব পাৰি।

কিন্তু দেশত অ’মিক্ৰনৰ শংকা বৃদ্ধি পোৱাৰ দেখা গৈছে কিয়নো কৰ্ণাটকত অ’মিক্ৰণ আক্ৰান্ত ধৰা পৰাৰ পাছত দিল্লীত ১২জন এই ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ পাইছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৬০৩ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ২১৬ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪১৫ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

Also Read: নিশা মহানগৰীৰ গণেশগুৰি ফ্লাইঅ’ভাৰত পানীৰ টেংকাৰে সংঘটিত কৰিলে এক ভয়ংকৰ দুৰ্ঘটনা

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭০ হাজাৰ ৫৩০জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৮হাজাৰ ১৯০ জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪০লাখ ৫৩ হাজাৰ ৮৫৬জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯৯হাজাৰ ৯৭জন।

Also Read:Cyclone Jawad: আহি আছে ‘জাৱাদ’ ঘুৰ্ণীবতাহ; কেনে প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত?

বৰ্তমানলৈ দেশত ১২ কোটি ৫৩লাখৰো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৩ লাখৰো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে যোৱা ২৪ ঘন্টাত মুঠ ১২ লাখ ৫২হাজাৰ ৫৯৬জনৰ নমুনা পৰীক্ষা কৰা হৈছে।

কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতি অ’মিক্ৰনকলৈ শংকা বৃদ্ধি পাইছে। ইতিমধ্যে আন্তৰ্জাতিক বিমানসেৱা বাতিল কৰা হৈছে।

Also Read: Solar Eclipse: আজি বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ; ক’ত দেখা যাব এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ?

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।