NORTHEAST NOW (Assamese)
অসম

বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত ছাত্ৰ ছাত্ৰীক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত December 3, 2021 7:20 pm
বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত ছাত্ৰ ছাত্ৰীক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত কাজিৰঙাৰ কাষৰীয় গাঁৱৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শুক্ৰবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয় ৷

এই কাৰ্যসূচীত বোকাখাতৰ বিভিন্ন মহাবিদ্যালয়ৰ ১৫ গৰাকী আৰু কাঞ্চনজুৰি এনিমেল কৰিডৰৰ কাষৰীয় গাঁৱৰ লগতে মহাবিদ্যালয়ত অধ্যয়নৰত ১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

বিশ্ব প্ৰকৃতি নিধি আৰু উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এই সকল ছাত্ৰ ছাত্ৰীক কাজিৰঙাৰ বাগৰি বনাঞ্চল দৰ্শন কৰোৱাৰ উপৰিও এক অনুষ্ঠান আয়োজন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অৱগত কৰোৱা হয় ৷

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, বিশিষ্ট পক্ষীবিদ আবিদুৰ ৰহমান, জেষ্ঠ সাংবাদিক উত্তম শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ কুমাৰ বৰা, সমন্বয়ক ত্ৰিদিপ শৰ্মা আৰু গৱেষক শাৰংগ উপস্থিত থাকে৷

অনুষ্ঠানত কাজিৰঙাৰ ভৌগলিক অৱস্থিত, জৈৱতন্ত্ৰ, জীৱকুল, পৰিচালনা আৰু সংৰক্ষণৰ প্ৰচেষ্টা, বিভিন্ন প্ৰজাতি পখী, উদ্ভিদ আৰু ঘাঁহনি আদিৰ বিষয়ে এক সম্যক ধাৰণা দিয়া হয়৷ কাজিৰঙাৰ কাষৰীয় গাঁৱৰ হৈয়ো প্ৰথমবাৰৰ বাবে কাজিৰঙা দৰ্শন কৰি উৎফুল্লিত হয় অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকল ৷

উল্লেখ্য যে উদ্যান দৰ্শন কৰা এই সকল ছাত্ৰ- ছাত্ৰীয়ে বিগত সময়ত কাজিৰঙাৰ পাণবাৰী, হালধিবাৰী আৰু কাঞ্চনজুৰি পৰিস্কাৰ কৰি বন আৰু বন্যপ্ৰাণী সংৰক্ষণত কৰ্তৃপক্ষক সহায় কৰিছিল৷