NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক December 3, 2021 6:55 pm
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অনুস্থিত কৰা হৈছে।

মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মণ্ডলৰ সহযোগত India after Independence and Vision 2047 শীৰ্ষক বিষয়ত আয়োজন কৰা হৈছে   এই আলোচনা চক্ৰখন।

আলোচনা চক্ৰখনত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড° লীলাকান্ত নাথ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দীপক শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট অধ্যাপক উপস্থিত থাকে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ সভাপতিত্বত আয়োজিত এক সভাত মুখ্য অতিথিৰূপে কলেজ অৱ এডভাঞ্চ ষ্টাডিজ, গুৰু গোৱিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সঞ্চালক ড° প্ৰকাশ বীৰ খাত্ৰিয়ই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে উক্ত বিষয়ত গৱেষণা পত্ৰ পাঠৰ এক প্ৰতিযোগিতাও অনুস্থিত কৰে উদ্যোক্তাসকলে আৰু এই প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ,স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষকে অংশগ্ৰহণ কৰে।