NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক ৰংঘৰৰ চৌহদত চি আৰ পি এফৰ চাফাই অভিযান

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 4, 2021 7:03 pm

ঐতিহাসিক ৰংঘৰৰ চৌহদ চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে ১৪৯ চিআৰপিএফৰ এটা দলে।

মানৱতাৰ অধঃপতনৰ সময়তে ইতিবাচক চিন্তাই মানুহৰ মনবোৰ ধুনীয়া কৰে। সুন্দৰৰ পৰা সুন্দৰ কৰি তোলে সেউজীয়া ধৰণী।

তেনে এক যোগাত্মক তথা ইতিবাচক কামেই দেখা গ’ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত।

স্বচ্ছ ভাৰত মিছনৰ অধীনত জয়সাগৰস্থিত ১৪৯ চি আৰ পি এফে আজি পুৱা ৰংঘৰৰ বাকৰিত ৰূপায়ণ কৰে এক চাফাই কাৰ্যসূচী।

চাফ চিকুণতাই মানুহক সুস্বাস্থ্য কৰাৰ লগতে মানসিকভাৱে দৃঢ় কৰে। তেনে এক চিন্তাধাৰা আগত ৰাখিয়েই জোৱানসকলে লয় এই পদক্ষেপ।

উল্লেখ্য কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি ৰংঘৰ, কাৰেং ঘৰকে ধৰি শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ সেই স্থান সমূহ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে।