NORTHEAST NOW (Assamese)
দেশ

পাঁচজনীয়া কৃষক পেনেল গঠনৰ কেন্দ্ৰীয় চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি কৃষক নেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2021 7:33 pm
Farmers Protest

কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান কৰা পাঁচজনীয়া কৃষক পেনেল গঠনৰ প্ৰতি সঁহাৰি জনাইছে কৃষক আন্দোলনৰ নেতৃত্বই।

কৃষক নেতাসকলৰ এটা পাঁচ জনীয়া পেনেলে বাকী থকা বিষয়বোৰ আলোচনা কৰিবলৈ চৰকাৰৰ সৈতে আলোচনা কৰিব। শনিবাৰে দিল্লীৰ সীমান্তৰ প্ৰতিবাদস্থলীত এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে সুদীৰ্ঘ এবছৰীয়া কৃষক আন্দোলনৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছিল। দুই সংসদত ইতিমধ্যে কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

কিন্তু প্ৰতিবাদী কৃষকসকলে নিম্নতম সমৰ্থন মূল্য (MSP), প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ বাদ প্ৰত্যাহাৰ কৰা, শ্বহীদ কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান তথা আন কিছু দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে।

কৃষক সংগঠনসমূহৰ কেন্দ্ৰীয় সংস্থা সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা আয়োজিত বৈঠকখন শনিবাৰে দিল্লীৰ ওচৰৰ সিংগু সীমান্তত আন্দোলনৰ ভৱিষ্যতৰ কৰ্মসূচী নিৰ্দ্ধাৰণৰ বাবে অনুষ্ঠিত কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে MSP আৰু অন্যান্য বিষয়ত চৰ্চাৰ বাবে এটা পেনেল গঠন কৰিবলৈ এছকেএমৰ পৰা পাঁচজন কৃষক নেতাৰ নাম বিচাৰিছিল।

ইয়াৰ পিছতে এছকেএমে এক বিবৃতিত কৈছিল যে নেতাসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ পৰা এটা ফোন কল পাইছিল কিন্তু কোনো আনুষ্ঠানিক যোগাযোগ হোৱা নাছিল।