NORTHEAST NOW (Assamese)
অসম

নাজিৰাত উৎকোচ লওঁতেই হাতে-লুটে আটক শিক্ষা বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2021 6:50 pm
bribe

ৰাজ্যত এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী শিক্ষা বিষয়া ।

নাজিৰা ব্লকৰ বিদ্যালয়ৰ উপ পৰিদৰ্শক নবুল ইছলামক উৎকোচ লওঁতেই হাতে-লুটে গ্ৰেপ্তাৰ কৰা হৈছে।

এজন শিক্ষকৰ পৰা আজি ১৫০০০ টকা উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে বিষয়াজনক গ্ৰেপ্তাৰ কৰা হয়।

 

বিষয়াজনৰ পৰা উৎকোচৰ ধনৰাশিও উদ্ধাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা নবুল ইছলামৰ বাসগৃহতো তালাচী চলায় দুৰ্নীতি নিবাৰক শাখাই।