NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা সমষ্টিৰ বিচাগাওঁ মধুপুৰ সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছা’ৰ

Posted by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা October 23, 2021 7:59 am
Videoframe_20211022_195537_com.huawei.himovie.overseas

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত চাৰিখনকৈ গাওঁ ক্ৰমে মধুপুৰ, অমৃত গাওঁ, টকলং, বিচাগাঁৱৰ ৰাইজে শুকুৰবাৰে জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত বোকাময় পথৰ ওপৰত নাঙল গৰুহাল লৈ ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী জনতাই স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা হায়হায়, ভাস্কৰ শৰ্মা মূৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

উল্লেখ্য যে স্বাধীনতাৰ ৭০ দশক পাৰ হোৱাৰ পাছতো মাৰ্ঘেৰিটা সমষ্টিৰ বিচাগাওঁ মধুপুৰ সংযোগী জৰাজীৰ্ণ পথ আজিকোপতি কোনো এজন জনপ্ৰতিনিধিয়ে নিৰ্মাণ নকৰাত সুদীৰ্ঘ বছৰে স্থানীয় ৰাইজে যমৰ যাতনা ভোগ কৰিব লগা হৈছে।

এইক্ষেত্ৰত অনিতপলমে অঞ্চলটোৰ বাট পথ নিৰ্মাণ কৰি অঞ্চলসমূহৰ ৰাইজক যাতায়তৰ ক্ষেত্ৰত সুবিধা কৰি দিবলৈ দাবী উত্থাপন কৰিছে।