NORTHEAST NOW (Assamese)
অসম

T-20 World Cup প্ৰথম ৰাউণ্ডৰ সামৰণি; চাই লওক ছুপাৰ টুৱেলভত কোনে কোন গ্ৰুপত খেলিব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 23, 2021 7:39 am
T20-World-Cup-2021-Super-12-Schedule

T-20 World Cupৰ প্ৰথম ৰাউণ্ডৰ খেলৰ সামৰণি পৰিল। দুটা গ্ৰুপৰ পৰা দুটাকৈ মুঠ চাৰিটা দলে ছুপাৰ টুৱেলভত স্থান লাভ কৰিছে। সেইদৰে, এইবাৰৰ টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল চাৰিটা দল।

পৰৱৰ্তী ৰাউণ্ডলৈ গ’ল কোন কোন দল:-  

*এ-গ্রুপৰ পৰা শ্রীলংকা আৰু নামিবিয়া প্রথম ৰাউণ্ডৰ সীমা পাৰ কৰিলে।

*বি-গ্রুপৰ পৰা স্কটলেণ্ড আৰু বাংলাদেশে ছুপাৰ টুৱেলভত স্থান লাভ কৰিছে।

কোন কোন দল বাহিৰ হ’ল:-

*এ-গ্রুপৰ পৰা আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডছে বিদায় লয়।
* বি-গ্রুপৰ পৰা ওমান আৰু পাপুৱা নিউ গিনি বাহিৰ হৈ যায়।

ছুপাৰ টুৱেলভত কোন কাৰ গ্ৰুপত খেলিব:-

*এ-গ্রুপৰ এক নম্বৰ দল শ্রীলংকা ছুপাৰ টুৱেলভৰ গ্রুপ-১’ত স্থান পাইছে।
*এ-গ্রুপৰ দুই নম্বৰ দল নামিবিয়া ছুপাৰ টুৱেলভৰ গ্রুপ-২’ত স্থান লাভ কৰিছে।
* বি-গ্রুপৰ এক নম্বৰ দল স্কটলেণ্ড ছুপাৰ টুৱেলভৰ গ্রুপ-২’ত স্থান পাইছে।
*বি-গ্রুপৰ দুই নম্বৰ দল বাংলাদেশ ছুপাৰ টুৱেলভৰ গ্রুপ-১’ত স্থান পাইছে।

কেনেকৈ হৈছে ছুপাৰ টুৱেলভৰ গ্ৰুপ বিভাগ:-

গ্রুপ-১: ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ, শ্রীলংকা, বাংলাদেশ।
গ্রুপ-২: ভাৰত, পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান, নামিবিয়া, স্কটলেণ্ড।

ছুপাৰ টুৱেলভৰ গ্ৰুপ-২’ত ভাৰতৰ খেলৰ সূচী:-

*২৪ অক্টোবৰ (দেওবাৰ): বনাম পাকিস্তান (ডুবাই, সন্ধিয়া ৭-৩০বজাত)।
*৩১ অক্টোবৰ (দেওবাৰ): বনাম নিউজিলেণ্ড (ডুবাই, সন্ধিয়া ৭-৩০বজাত)।

*৩ নৱেম্বৰ (বুধবাৰ): বনাম আফগানিস্তান (আবু ঢাবি, সন্ধিয়া ৭-৩০বজাত)।
*৫ নৱেম্বৰ (শুকুৰবাৰ): বনাম স্কটলেণ্ড (ডুবাই, সন্ধিয়া ৭-৩০বজাত)।
*৮ নৱেম্বৰ (সোমবাৰ): বনাম নামিবিয়া (ডুবাই, সন্ধিয়া ৭-৩০বজাত)।