NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মাজানত অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য; পেঙেৰী আৰক্ষীৰ তদন্ত আৰম্ভ

Posted by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা October 23, 2021 6:44 am
Videoframe_20211022_194537_com.huawei.himovie.overseas

Dead body recovered মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজানত শুকুৰবাৰে উদ্ধাৰ হয় এজন অচিনাক্ত ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ।

ব্ৰহ্মাজান চাহ ফেক্টৰিৰ নিচেই কাষৰে এডোখৰ হাবিত চিপ লৈ ওলমি থকাৰ অৱস্থাত মৃতদেহটো উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

স্থানীয় লোকে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি পেঙেৰি আৰক্ষীক খবৰ দিয়ে।

স্থানীয় লোকৰ পৰা খবৰ লাভ কৰাৰ পাছতেই পেঙেৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

বাতৰি প্ৰস্তত কৰাৰ সময়লৈকে মৃতদেহটোৰ পৰিচয়ৰ লাভ কৰা নাই আৰক্ষীয়ে।

মৃত ব্যক্তি জনৰ বয়স প্ৰায় ৪৫ বছৰ হ’ব বুলি অনুমান কৰা হৈছে।

 ব্যক্তি জনৰ মৃত্যু হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব।

পেঙেৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।