NORTHEAST NOW (Assamese)
অসম

২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৩৭ হাজাৰ ১৪৮ গৰাকী লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 5:26 pm
WhatsApp Image 2020-07-18 at 9.36.34 AM

চৰকাৰৰ নেৰা নেপেৰা চেষ্টাৰ পিছতো দেশত হ্ৰাস পোৱা নাই ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই এঘাৰ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

মুঠ এঘাৰ লাখৰ ভিতৰৰে ৭,২৪,৫৭৮ গৰাকী লোক ইতিমধ্যে ক’ৰ’ণাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

দেশত বৰ্তমান ক’ৰ’ণা মুক্ত ৰোগীৰ শতাংশ হাৰ হৈছে ৬২.৯৩।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে সোমবাৰে মাজ নিশা প্ৰকাশ কৰিছে এই তথ্য।

ইতিবাচক কথাটো হ’ল যিটো সময়ত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে আমেৰিকাৰ দৰে উন্নত দেশত আই চি ইউ, ভেন্টিলেটৰৰ অভাৱ হোৱা বুলি বাতৰি ওলাইছে সেই সেই সময়ত পিছে ভাৰতবৰ্ষত আই চি ইউত ভৰ্তি কৰোৱাবলগীয়া ৰোগীৰ সংখ্যা মাত্ৰ ২ শতাংশ।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩৭ হাজাৰ ১৪৮গৰাকী।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১১,৫৫,১৯১ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ২৮,০৬৪ গৰাকী লোকৰ। ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰোগমুক্ত হোৱা লোকৰ সংখ্যা ৭,২৪,৫৭৮ গৰাকী।

সমগ্ৰ বিশ্ব ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ১৪,৭০৩,২৯৩ গৰাকী।

বিশ্বত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে৬০৯,৮৮৭ গৰাকী, আৰো্গ্য হৈছে ৮,২৯০,৪৩১ গৰাকী লোক।