NORTHEAST NOW (Assamese)
অসম

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ ভাৰতীয় টকা জব্দ, উদ্ধাৰ চীনা বাহন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2021 10:00 am

অবৈধ সৰবৰাহৰ বিৰুদ্ধে মিজোৰামত আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম ৰাইফলছৰ অভিযানকাৰী দলে।

শুকুৰবাৰে অসম ৰাইফলছে মিজোৰাম আৰক্ষীৰ সৈতে যুটীয়াভাৱে অভিযান চলাই মিজোৰামৰ চাম্ফাই জিলাৰ মিজোৰাম-ম্যানমাৰ সীমান্তৰ পৰা বৃহৎ সংখ্যক ভাৰতীয় টকা, চীনা দুচকীয়া বাহনৰ লগতে দুগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ দলটোৱে এই অভিযান চলাই সফলতা লাভ কৰে।

উদ্ধাৰ হোৱা ভাৰতীয় টকাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৬ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি জানিব পৰা গৈছে।

আটক হোৱা ব্যক্তি দুগৰাকীৰ পৰা জব্দ কৰা টকা, দুচকীয়া বাহন আৰু মোবাইল ফোন আৰক্ষীৰ হাতত গটাই দিয়া হৈছে।

আনহাতে, আন এটা পৃথক অভিযানত অসম ৰাইফলছৰ অভিযানকাৰী দলে চাম্ফাই জিলাৰে চেচিছ গাঁৱৰ পৰা বৃহৎ সংখ্যক চুপাৰী জব্দ কৰে।

জব্দ হোৱা চুপাৰী সমূহ ম্যানমাৰলৈ সৰবৰাহৰ বাবে সাজু কৰি ৰখা হৈছিল।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত মিজোৰামত অসম ৰাইফলছৰ অভিযানকাৰী দলে ভাৰত-ম্যানমাৰ সীমান্তত অভিযান চলাই ভালেসংখ্যক অবৈধ সামগ্ৰীৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।