NORTHEAST NOW (Assamese)
Popular Stories

কোভিডৰ নামত সাহায্যঃ বিদেশী দাতাকৰ্ণৰ পৰা আপুনিও হওক সাৱধান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 4:51 pm
notes

বিপদত পৰিলে মানুহে মানুহক সহায় কৰে।

এয়া স্বাভাৱিক কথা।ক’ৰ’ণাৰ মহা সংক্ৰমমৰ সময়তো বহুতে বহুতক সহায় কৰিছে।

বহুতে চৰকাৰকো সহায় কৰিছে। ফেচবুকৰ জৰিয়তেও ক’ৰ’ণাৰ সাহায্য দিব বিচৰা মানুৰ অভাৱ নাই।

দিল্লীৰ বাসিন্দা ৰমেশ কুমাৰ। ফেচবুকত কুমাৰলৈ এজন বিদেশী লোকে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালে।

কুমাৰেও বিশেষ একো  চিন্তা নকৰি বিদেশী লোক জনৰ ৰিকুৱেষ্ট গ্ৰহণ কৰিলে।

বিদেশী লোক জনে মিঠা মিঠা কথাৰে ৰমেশৰ হিয়া জয় কৰি পেলালে।

এটা সময়ত লোকজনে ৰমেশক ক’ৰ’ণাৰ সাহায্য হিচাবে তেওঁৰ একাউন্টত বহু পৰিমাণৰ ধন পঠিয়াব বুলি ক’লে।

ৰমেশো মান্তি হ’ল। কথা-বতৰাৰ অন্তত বিদেশী লোক জনে ৰমেশক ক’লে যে তেওঁ যি পৰিমাণৰ ধন ৰমেশলৈ পঠিয়াব তাৰ বাবে নিৰ্দ্ধাৰিত শুল্ক খিনি ৰমেশে আদায় দিব লাগিব।

অধিক ধন পোৱাৰ আশাত ৰমেশ মান্তি হ’ল আৰু লোকজনৰ একাউন্টত ৭০ হাজাৰ টকা জমা দিলে।

ইয়াৰ পিছৰে পৰাই লোকজনৰ কোনো সন্ধান ৰমেশে পোৱা নাই।

ক’ৰ’ণাতংকৰ সময়ত এনেদৰে সহায় কৰাৰ চলেৰে এটা বিদেশী চক্ৰই বহুতকে তেওঁলোকৰ জালত পেলাইছে।

তেওঁলোকৰ ভিতৰত ৰমেশো এজন।

এই চক্ৰটোৱে বিভিন্ন বয়সৰ লোকক লক্ষ্য হিচাবে বাচি লোৱাৰ তথ্য পোৱা গৈছে।

গতিকে বিদেশী দাতাকৰ্ণৰ পৰা আপুনিও হওক সাৱধান।