NORTHEAST NOW (Assamese)
Popular Stories

ভতিজীৰ ওপৰত যৌন উৎপীড়ন : প্ৰতিবাদ কৰিবলৈ গৈ ৰাজপথত গুলীবিদ্ধ হ’ল সাংবাদিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 4:37 pm
Journalist

এগৰাকী যুৱতীক কৰা যৌন উৎপীড়ন প্ৰতিবাদ কৰিবলৈ গৈ গুলীবিদ্ধ হৈছে বিক্ৰম যোশী নামৰ এজন সাংবাদিক।

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ বিজয়নগৰ এলেকাত।

ঘটনাৰ বিৱৰণী অনুসৰি সাংবাদিক গৰাকীৰ ভতিজীক কিছুদিনৰ পৰা কেইজনামন লোকে যৌন উৎপীড়ন চলোৱাৰ চেষ্টা কৰি আহিছিল।

সাংবাদিকজনে এই সংক্ৰান্তত কিছুদিন পূৰ্বে বিজয়নগৰ আৰক্ষীৰ থানাত এক লিখিত অভিযোগ দাখিল কৰে।

থানাত লিখিত অভিযোগ দাখিল কৰাৰ বাবেই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে উদণ্ড লোককেইজনে।

যোৱা নিশা নিজ ভতিজীক লগত লৈ বাইকেৰে গৈ থকা অৱস্থাত সাংবাদিকজনক ৰাজপথত আগচি ধৰি উদণ্ড লোককেইজনে নৃশংসভাৱে আক্ৰমণ কৰে।

সাংবাদিকজনক ১০ এজনীয়া এটা দলে আগচি ধৰি লাঠিৰে প্ৰহাৰ কৰে। লোককেইজনে সাংবাদিক বিক্ৰমক আক্ৰমণ কৰি থাকোতেই যুৱতীগৰাকী পলাই গৈ নিজক ৰক্ষা কৰে।

ইয়াৰ পিছতে দলটোৱে একাধিকবাৰ গুলীচালনা কৰে আৰু ইয়াৰে এটা গুলীয়ে বিক্ৰম যোশীৰ মূৰত আঘাত কৰে।

বিক্ৰম যোশী গুলীবিদ্ধ হোৱাৰ পিছতে দলটো সেই ঠাইৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় লোকে গুলীবিদ্ধ বিক্ৰমক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে।

বৰ্তমান গুলীবিদ্ধ বিক্ৰমৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বিক্ৰম যোশীৰ পৰিয়ালে দাবী কৰিছে যে কিছুদিন পূৰ্বে তেওঁলোকৰ ছোৱালীজনীক যৌন উৎপীড়ন চলোৱাৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰাৰ বাবেই বিক্ৰমৰ ওপৰত প্ৰাণঘাটি আক্ৰমণ চলোৱা হৈছে।

ইফালে সমগ্ৰ ঘটনাক্ৰম চিচি টিভি কেমেৰাত বন্দী হৈছে।

ইতিমধ্যে বিজয়নগৰ থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিছে বুলি জানিব পৰা গৈছে।