NORTHEAST NOW (Assamese)
দেশ

ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে আন্দোলনৰ ইঙ্গিত ৰাকেশ টিকাইটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2021 8:15 pm
Rakesh Tikait

তিনি বিতৰ্কিত কৃষি আইন বিৰোধী আন্দোলনৰ জৰিয়তে শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰা ৰাকেশ টিকাইটে বিজপি চৰকাৰৰ আন এক নীতিৰ বিৰুদ্ধে আন্দোলনৰ ইঙ্গিত দিছে।

কৃষক আন্দোলনৰ আংশিক সফলতাৰ পিছত টিকাইটে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব পাৰে।

আজি কৃষক নেতাজনে সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত ৬ ডিচেম্বৰত বেংক ব্যক্তিগতকৰণ সন্দৰ্ভত এখন বিধেয়ক উত্থাপন কৰা হ’ব উল্লেখ কৰি টুইট কৰে যে, “আমি আন্দোলনৰ আৰম্ভণিতে সতৰ্ক কৰি দিছিলো যে চৰকাৰ পৰৱৰ্তী লক্ষ্য বেংকসমূহ হ’ব। ফলাফল চাওক, ডিচেম্বৰৰ ৬ তাৰিখে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিধেয়ক খন সংসদত উপস্থাপন কৰা হ’ব। ব্যক্তিগতকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশতে এক উমৈহতীয়া আন্দোলনৰ প্ৰয়োজন আছে।”

 

তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনৰ নেতৃত্ব দিয়া নেতাসকলৰ ভিতৰত টিকাইট অন্যতম। নিৰ্ভীক আৰু আপোচকামী নেতৃত্ব গুণৰ বাবে টিকাইট সৰ্বজনবিদিত হৈ পৰিছিল।

প্ৰায় এবছৰ ধৰি চলি থকা কৃষক আন্দোলনৰ ফলশ্ৰুতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ তিনিওখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে দুই সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

অৱশ্যে, ইয়াৰ পিছতো অব্যাহত আছে কৃষক আন্দোলন। আন্দোলনৰ নেতৃত্বই কৃষক আন্দোলনৰ সময়ত নিহত হোৱা ৭০০ ৰো অধিক কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ আৰু শস্যৰ নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) আইনী গেৰাণ্টি দাবী কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে।