NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ ঘটনাত নিহতৰ আত্মাৰ সদগতি কামনাৰে এৱছুৰ বন্তি প্ৰজ্বলন, আফষ্পা বাতিলৰ দাবী

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ December 8, 2021 7:46 pm

নাগালেণ্ডৰ মন জিলাত নিৰাপত্তা বাহিনীয়ে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি ১৫ জনকৈ নিৰীহ নগা লোকক হত্যা কৰাৰ ঘটনাক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এৱছুই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আজি বিটিআৰৰ সদৰ কোকৰাঝাৰত সংগঠনটোৱে নিহতৰ আত্মাৰ সদগতি কামণাৰে মমবাতি প্ৰজ্বলনেৰে শোক প্ৰকাশ কৰে ৷

উল্লেখ্য যে ,নিখিল বড়ো ছাত্ৰ সন্থা (এবছু) ৰ কেন্দ্ৰীয় সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ যৌথ উদ্যোগত আজি সন্ধিয়া এই উপলক্ষ্যে কোকৰাঝাৰ চহৰৰ ইণ্ডিয়ান পেট্ৰল পাম্পৰ সমীপৰ শিশু উদ্যানত নাগালেণ্ডৰ ঘটনাত নিহতসকলৰ আত্মাৰ সদগতি কামনাৰে সমূহীয়াভাবে মমবাতি প্ৰজ্বলন কৰে।

সংগঠনটোৱে উত্তৰ পূৰ্ৱাঞ্চলত বলৱৎ হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(আফষ্পা ) খন বাতিলৰ প্ৰৱল দাৱী তোলে ৷

আজিৰ অনুষ্ঠানত এৱছুৰ কেন্দ্ৰীয় উপ-সভাপতি খৌৰমদাও ওৱাৰী, সাহিত্য সম্পাদক দীনেশ ব্ৰহ্ম আৰু জনতা কলেজৰ অধ্যক্ষ সুবং বসুমতাৰী উপস্থিত থাকে ৷