NORTHEAST NOW (Assamese)
অসম

টীয়কত পূৰ্ব ভাৰতী শৈক্ষিক ট্ৰাষ্টৰ উদ্যোগত মানৱ অধিকাৰ দিৱস উদযাপন

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক December 10, 2021 7:11 pm
Human Rights Day celebrated in Teok

পূৰ্ব ভাৰতী শৈক্ষিক ট্ৰাষ্টৰ উদ্যোগত পষেক জুৰি টীয়কত অনুষ্ঠিত হোৱা মহিলা সৱলীকৰণ আৰু মানৱ অধিকাৰ সন্দৰ্ভত সজাগতা মূলক কাৰ্যসূচীৰ আজি সামৰণি পৰে।

মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি টীয়কৰ বজাৰ গৃহত অনুষ্ঠিত সভাত মানৱ অধিকাৰ সম্পৰ্কীয় কেতবোৰ সজাগতা মূলক পৰামৰ্শ সহ বক্তব্য আগবঢ়াই মানৱ অধিকাৰ কৰ্মী নৰেশ গোস্বামীয়ে।

অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত মহিলা সকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মহিলা সকলৰ ওপৰত সততে হোৱা মানৱ অধিকাৰ ভংগ হোৱা ঘটনাৰ বিশ্লেষণ আগবঢ়াই কেইবাগৰাকী বক্তাই।

লগতে নাৰী অধিকাৰৰ বাবে অবিৰত সংগ্ৰাম চলাই যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হয় সভাত উপস্থিত ৰাইজে ।