NORTHEAST NOW (Assamese)
অসম

বকোত অঘটন: বন বিভাগৰ গুলীয়ে প্ৰাণ ল’লে দুই বছৰীয়া শিশুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2021 6:52 pm
Children die due to forest department carelessness in Boko

বকোৰ ৰাজাপাৰাত আজি আবেলি সংঘটিত হয় এক শোকাৱহ ঘটনা। বন বিভাগৰ গুলিত গুলীবিদ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় দুই বছৰীয়া এটি কন্যা শিশুৱে। লগতে গুৰুতৰভাৱে আহত হৈছে শিশুটিৰ মাতৃও।

বনৰীয়া হাতী খেদিবলৈ শূণ্যলৈ গুলীচালনা কৰোতেই সংঘটিত হয় এই অঘটন। থিতাতে মাতৃৰ কোলাতেই মৃত্যুক সাৱটি লয় দুই বছৰীয়া কন্যা শিশু আৰবি দৈমাৰীয়ে। মাতৃ মালবিকা দৈমাৰীক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বকোৰ শাখাতি, বন্দাপাৰা ৰাজাপাৰা, শেখাদাৰী আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলাই আছে। বন বিভাগ আৰু স্থানীয় ৰাইজে খেদি আতৰাই পঠিয়াই যদিও নিশা হলেই পুনৰ জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ জাকটো।

আজিও খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকটো খেদিবলৈ বন বিভাগৰ লগতে স্থানীয় ৰাইজ একত্ৰিত হৈছিল। হাতী খেদিবলৈ বন বিভাগে শূণ্যলৈ গুলীচালনা কৰাৰ সময়তে সংঘটিত হয় এই অঘটন। বন বিভাগৰ এনে অসাৱধানী কাৰ্যত উত্তেজিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।