NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণৰ অভিযোগত নাগ্ৰীজুলিত এজনক জেইল হাজোতলৈ প্ৰেৰণ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 23, 2020 8:53 pm

দেশৰ লগতে ৰাজ্যত চলি থকা লকডাউনৰ সময়তে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত বৰলীয়া নৈৰ পাৰত বিগত ২১ এপ্ৰিলৰ সন্ধিয়া এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি নাগ্ৰীজুলিৰ টেবিতোলা গাঁৱৰ মুনিদ্ৰ বড়ো নামৰ লম্পট এজনে এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলাই শাৰীৰিকভাৱে অপদষ্ট কৰা বুলি বুধবাৰে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে নাগ্ৰীজুলি আৰক্ষী চকীত এখন এজাহাৰ  দাখিল কৰিছিল।

পৰিয়ালটোৰ এজেহাৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বুধবাৰে নিশা  লম্পটজনক কৰায়ত্ত কৰে।

আনহাতে, আজি মুনিন্দ্ৰ বড়োক বাক্সা জিলা সদৰ মছলপুৰস্থিত ন্যায়িক দণ্ডাধীশৰ আদালত হাজিৰ কৰোৱা হয় আৰু পিছত ধৰ্ষণত অভিযুক্ত মুনিন্দ্ৰ বড়োক জেল হাজোতলৈ প্ৰেৰণ কৰে।