NORTHEAST NOW (Assamese)
দেশ

জম্মূ-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন আৰক্ষী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2021 8:30 pm
Jammu and Kashmir

উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুলচন চকত আঅচিনাক্তজি আবেলি উগ্ৰপন্থীৰ আক্ৰমণত দুজন আৰক্ষী নিহত হৈছে।

কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক (আইজি) বিজয় কুমাৰে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি উগ্ৰপন্থীয়ে আৰক্ষী দলক আক্ৰমণ কৰাৰ সময়ত দুজন আৰক্ষীয়ে গুলীবিদ্ধ হৈছিল।

তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল যদিও চিকিৎসালয়ত মৃত্যুবৰণ কৰে বুলি বিষয়াজনে লগতে কয়।

আৰক্ষী জোৱান দুজনক মহম্মদ চুলতান আৰু ফায়াজ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

কাশ্মীৰ জ’ন আৰক্ষীয়ে টুইট যোগে চুলতান আৰু ফৈয়াজ আহমেদে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰাৰ কথা সদৰী কৰিছে।

 

আক্ৰমণৰ ঠিক পিছতে গোটেই অঞ্চলটো ঘেৰাও কৰা হৈছিল আৰু আক্ৰমণকাৰী উগ্ৰপন্থী গোটটোক কৰায়ত্তৰ বাবে এটা অনুসন্ধান আৰম্ভ কৰা হৈছে।