NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত নিশা ৰে’লৰ খুন্দাত খাদ্যৰ সন্ধানত অহা এটি মাইকী হাতীৰ কৰুণ মৃত্যু

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ December 11, 2021 8:51 am
elephant died

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ অভাৱত জনাঞ্চলত খাদ্যৰ সন্ধান কৰিবলৈ অহা বন্যহস্তীয়ে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।

এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলৈ অহা বনৰীয়া হাতীৰ এটা জাকৰ এটি মাইকী হাতীয়ে কলিয়াবৰত ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিব লগা হয়।

কলিয়াবৰৰ বামুণীৰ সমীপৰ দৌল পুখুৰীত সংঘটিত হৈছে এই অঘটন। শুকুৰবাৰে নিশা হাতীটোৱে এইদৰে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয়।

Herd of elephant
কলিয়াবৰৰ দৌল পুখুৰীত অৱস্থান কৰি থকা হাতীৰ জাকটো। ফটো: নৰ্থইষ্ট নাও

উল্লেখ্য যে চিকনি পাহাৰৰ পৰা  খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ এটা জাক। হাতীৰ জাকটো ৰে’ল লাইন পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।গুৱাহাটী-শিলঘাট পেচেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় হাতীটো।

নিশা প্ৰায় ১০ বজাত ৰে’লৰ খুন্দাত হাতীটোৰ মৃত্যু হয়। বৰ্তমানেও নাতিদূৰত অৱস্থান কৰি আছে প্ৰায় ৫০টা হাতীৰ জাকটো।

ঘটনাস্থলীত নিশাই বন বিভাগৰ লোকৰ লগতে স্থানীয় জখলাবন্ধা থানাৰ আৰক্ষী উপস্থিত হৈ বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।