NORTHEAST NOW (Assamese)
Popular Stories

কিংবদন্তি ফুটবলাৰ মাৰাডোনাৰ ঘড়ীৰ পাছত চোৰ ৱাজিদৰ জিম্মাৰ পৰা পুনৰ উদ্ধাৰ বহু সামগ্ৰী

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ December 12, 2021 12:06 pm
The thief of Maradona's Watch

শনিবাৰে শিৱসাগৰৰ পৰা মাৰাডোনাৰ ঘড়ী উদ্ধাৰৰ পাছতেই চোৰ ৱাজিদ হুছেইনৰ জিম্মাৰ পৰা আজি পুনৰ উদ্ধাৰ কৰা হয় আন বহু মূল্যবান সামগ্ৰী।

মৰাণৰ শহুৰেকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই সামগ্ৰীসমূহ। ৱাজিদ হুছেইনে ডুবাইৰ পৰা এই সামগ্ৰী সমুহ অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

উক্ত সামগ্ৰী সমুহৰ ভিতৰত ২ টা আইপেড, এটা জেকেট,  এটা ট্ৰেক পেন্ট, জোতা দুযোৰ, দুখন ৰেকেট আদিকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰা হয়।

Also Read: কিংবদন্তি ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰি কৰি আনি অসমক বদনাম কৰিলে এই চোৰ যুৱকে

উল্লেখ্য যে মাৰাডানাৰ গড়ী চুৰিৰ অভিযোগত ডুবাই পুলিচৰ এক গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৱাজিদ হুছেইন নামৰ যুৱকজনক শনিবাৰে চৰাইদেউ জিলাৰ মৰাণহাটৰ খুমটাইৰ শহুৱেকৰ ঘৰৰ পৰা আটক কৰিছিল।