NORTHEAST NOW (Assamese)
অসম

আৰক্ষী ব্যৰ্থ, শুংসূত্ৰ নাই মাৰ্ঘেৰিটাৰ আলুবাৰীৰ সন্ধানহীন কিশোৰীৰ

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা December 13, 2021 7:32 pm

এগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ খবৰে মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ২নং আলুবাৰীৰ পৰা কিশোৰীগৰাকী সন্ধানহীন হৈছে। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আলুবাৰীৰ পৰা যোৱা বুধবাৰৰ পৰা ঘৰৰ বাৰীত কাম কৰি থকা অৱস্থাতে সন্ধানহীন হয় পোন্ধৰ বছৰীয়া কিশোৰীগৰাকী।

ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা মাৰ্ঘেৰিটা আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আজি মাৰ্ঘেৰিটা মহকুমা সন্মিলিত নাৰী মঞ্চৰ তৰফৰ সংবাদমাধ্যমৰ জৰিয়তে কিশোৰী গৰাকীৰ উদ্ধাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে। কিশোৰীগৰাকীৰ দুখীয়া পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে খবৰ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ নকৰাৰ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে।

এই সন্দৰ্ভত কোনো ধৰণৰ শুংসূত্ৰ যদি কোনো লোকে লাভ কৰে তেনেক্ষেত্ৰত মোবাইল নং ৮৮২২৩৩২২৪৫ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়াল তথা সন্মিলিত নাৰী মঞ্চৰ বিষয়ববীয়া সকলে।

অন্যহাতে মাৰ্ঘেৰিটা আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো ধৰণৰ সম্ভেদ দিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সন্মিলিত নাৰী মঞ্চ।

আৰক্ষীয়ে কিশোৰী গৰাকীৰ খবৰ উলিওৱাত তৎপৰতা প্ৰদৰ্শন কৰাৰ দাবী জনাইছে নাৰী মঞ্চৰ প্ৰতিনিধিয়ে।