NORTHEAST NOW (Assamese)
অসম

বড়ো সংস্কৃতিক অপমানৰ অভিযোগ তুলি ‘শ্ৰীভূমি অসম’ৰ বিৰুদ্ধে গোচৰ তৰিলে বড়ো সাংস্কৃতিক সন্থাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2021 7:16 am
Bodo culture

বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱা বড়োসকলৰ সংস্কৃতিৰ গৌৰৱ বাগুৰুম্বা নৃত্য প্ৰদৰ্শনকলৈ সৰৱ হৈছে বড়ো হাৰিমু আফাদ বা বড়ো সাংস্কৃতিক সন্থা।

যোৱা ১১-১২ ডিচেম্বৰত কোকৰাঝাৰ চালাখাটিস্থিত এন টি পি চিৰ উদ্ধোগত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰদৰ্শন কৰা হৈছিল বিকৃত বাগুৰুম্বা নৃত্য।

বড়োৰ সাংস্কৃতিক বাদ্যযন্ত্ৰ নবজাই প্ৰদৰ্শন কৰা হৈছিল বাগুৰুমবা নৃত্য। বিকৃত নৃত্য প্ৰদৰ্শনক নেতৃত্ব দিয়া “শ্ৰীভূমী অসম”ৰ দিলীপ হিৰাৰ ওপৰত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত গোচৰ তৰিলে বড়ো হাৰিমু আফাদ (বড়ো সাংস্কৃতিক সন্থা) এ।

এই কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি অতি সোনকালে ভুল স্বীকাৰ কৰিবলৈ আহ্বান বড়ো সাংস্কৃতিক সন্থাৰ সভাপতি জগেশ্বৰ ব্ৰহ্মৰ।

ইচ্ছাকৃতভাৱে বড়ো সকলৰ সংস্কৃতিত আঘাত হনা শ্ৰীভূমী অসম সাংস্কৃতিক দলক বি টি আৰত বৰ্জন কৰিব লাগে বুলি সখীয়নী বড়ো হাৰিমু আফাদৰ মুখ্যপাত্ৰ সঞ্জীৱ ব্ৰহ্ম-এ।