NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস, হাতীৰ আক্ৰমণত এজন আহত

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা December 14, 2021 7:46 pm
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস, হাতীৰ আক্ৰমণত এজন আহত

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। আজি বাক্সাৰ ভাৰত-ভূটান সীমান্তত বন্যহাতীৰ আক্ৰমণত এজন ব্যক্তি আহত হয়।

আজি দূপৰীয়া ১২ বজাত চেঁচাপানী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

আহত লোক জন চেঁচাপানী গাঁৱৰ বীৰেন্দ্ৰ ব্ৰহ্মৰ ৪৮ বছৰীয়া পুত্ৰ দেৱানন ব্ৰহ্ম বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পথত থিয় দি থাকোতে জাৰণীৰ পৰা এটা হাতী ওলাই পাছফালৰ পৰা আক্ৰমণ কৰে দেৱাননক।

এই আক্ৰমণত কথমপি প্ৰাণৰক্ষা পৰে দেৱামনৰ। বৰ্তমান পাটকিজুলি খ্ৰীষ্টিয়ান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাবে আহত দেৱানন।