NORTHEAST NOW (Assamese)
অসম

‘নৰ্থ ইষ্ট নাও’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষ্যে কটন বিশ্ববিদ্যালয়ত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 15, 2021 7:05 pm

উত্তৰ-পূৰ্বাঞ্চলৰ বহু ভাষিক অগ্ৰনী নিউজ প’ৰ্টেল ‘নৰ্থ ইষ্ট নাও’ৰ আজি চতুৰ্থ বৰ্ষপূৰ্তি।

গৌৰৱজ্জ্বোল চাৰিটাকৈ বৰ্ষত ৰাজ্যৰ সংবাদ জগতলৈ অহৰ্নিশে সেৱা আগবঢ়াই ‘নৰ্থ ইষ্ট নাও’— এ আজি পঞ্চমটো বছৰত ভৰি দিলে।

উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ জগতত এক উল্লেখনীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা ‘নৰ্থ ইষ্ট নাও’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষ্যে আজি কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হয় এখন কুইজ প্ৰতিযোগিতা।

কটন বিশ্ববিদ্যালয়ৰ সহযোগত আৰু ‘নৰ্থ ইষ্ট নাও’ৰ উদ্যোগত বিশ্ববিদ্যালয় খনৰ চুডমাৰ্চন হল আয়োজিত কুইজ প্ৰতিযোগিতাত মুঠ ছটাকৈ দলে অংশগ্ৰহণ কৰে।

দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত দলটো

জনপ্ৰিয় কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা খন পাঁচটা ৰাউণ্ডত অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ এটা ৰাউণ্ড অসমৰ চাহৰ বিষয়ে আছিল।

কুইজ প্ৰতিযোগিতা খনত প্ৰথম পুৰস্কাৰ লাভ কৰা দলটো হৈছে কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অংকুৰ জ্যোতি শৰ্মা আৰু ভূগোল বিভাগৰ অনুপম মালিৰ দল।

দ্বিতীয় পুৰস্কাৰ লাভ কৰে বিশ্ববিদ্যালয় খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৰক্তিম ৰঞ্জন বৈশ্য আৰু ত্ৰিদিৱ ভাগৱতীৰ দলে।

তৃতীয় স্থান লাভ কৰে বিশ্ববিদ্যালয় খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিভূতি মহন আৰু অৰ্থনীতি বিভাগৰ দেৱনীত দত্তৰ দলে।

তৃতীয় পুৰস্কাৰ প্ৰাপ্ত দলটো

কুইজ প্ৰতিযোগিতাৰ বাচনি ৰাউণ্ডত মুঠ ২১ টা দলে যোগদান কৰে। আটাইকেইটা দলেই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰে গঠিত দল আছিল। ইয়াৰে ছটা দল মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়।

প্ৰতিযোগিতাত বিজয়ী দল কেইটাক প্ৰাইজমানিৰ লগতে ট্ৰফী, মানপত্ৰ , স্মাৰক আদিৰ লগতে বহু উপহাৰ আগবঢ়োৱা হয়। প্ৰতিযোগিতা যোগদান কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে যোগদানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

কুইজ প্ৰতিযোগিতা খনৰ স্পনছৰৰ দায়িত্বত আছিল উলা টি ট্ৰিক্স প্রফেছনেল, ৰাজ্যৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী আৰ জি পাব্লিকেছনছ, সাই বিকাশ জুনিয়ৰ কলেজ,জিডি ফিউছাৰ,ইনফিনিটি, আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’ল’জি, (GIMT)গুৱাহাটী আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্স (GIPS) গুৱাহাটী।

( বাওঁফালৰ পৰা বহি) অনিৰ্বান ৰয়, মুখ্য সম্পাদক ‘নৰ্থ ইষ্ট নাও,কটন বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক প্ৰফেছৰ দিগন্ত কুমাৰ দাস,কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ডঃ প্ৰশান্ত শৰ্মা,কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক,ট্ৰিক্স প্ৰফেছনেলৰ ইফটিকাৰ জামান আৰু অন্যান্যসকল

কুইজ প্ৰতিযোগিতা খনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কটন বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক প্ৰফেছৰ দিগন্ত কুমাৰ দাস আৰু সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ডঃ প্ৰশান্ত শৰ্মা।

অনুষ্ঠানত ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক অনিৰ্বান ৰয়,ট্ৰিক্স প্ৰফেছনেলৰ ইফটিকাৰ জামান, কুইজ মাষ্টাৰ পংকজ শৰ্মাৰ লগতে বিশ্ব বিদ্যালয় খনৰ বহু সংখ্যক শিক্ষাৰ্থীও উপস্থিত থাকে।

‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক অনিৰ্বান ৰয়ে কয় যে প্ৰতিবছৰে এনে ধৰণৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব আৰু সেই প্ৰতিযোগিতাসমূহত আন আন মহাবিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানকো সামৰি লোৱা হ’ব।

অনুষ্ঠানত উপস্থিত থকা পঞ্জীয়ক দাস আৰু ছাত্ৰ কল্যাণৰ সঞ্চালক ডঃ শৰ্মাই ‘নৰ্থ ইষ্ট নাও’—এ গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায়।