ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

১৮ জুনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ঘোষণা কৰে যে, মে’ মাহত বন্ধ কৰি দিয়া বিদেশী ভিছাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব আমেৰিকাই। কিন্তু এটা নতুন বিতৰ্কিত নিয়ম বান্ধি দিছে মাৰ্কিন প্ৰশাসনে। নতুন নিয়মানুসৰি চৰকাৰী পৰ্যালোচনাৰ বাবে সকলো আবেদনকাৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ লক খুলিব লাগিব। ট্ৰাম্প প্ৰশাসনৰ অধীনত কাৰ্যকৰী কৰা এই পদক্ষেপৰ কনছুলাৰ বিষয়াসকলে আমেৰিকা, ইয়াৰ চৰকাৰ, সংস্কৃতি, প্ৰতিষ্ঠান বা প্ৰতিষ্ঠাপক নীতিৰ প্ৰতি শত্ৰুতাৰ যিকোনো লক্ষণৰ বাবে পোষ্ট আৰু বাৰ্তাৰ পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে, মানি চলিবলৈ অস্বীকাৰ কৰিলে ভিছা অস্বীকাৰ হোৱাৰ সম্ভাৱনা থাকিব।
এই সিদ্ধান্তই চীন, ভাৰত, মেক্সিকো, ফিলিপাইনছৰ দৰে দেশৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক সকাহ দিছে, যিসকলে শিক্ষাবৰ্ষৰ সময় ওচৰ চাপি অহাৰ লগে লগে ভিছা এপইণ্টমেণ্টৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰি আছে।
কিন্তু ট্ৰাম্প প্ৰশাসনৰ পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ ওপৰত ট্ৰাম্প প্ৰশাসনৰ দমনৰ প্ৰতিফলন ঘটায়ছে, য’ত ইহুদী বিৰোধীতাক ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত অভিযুক্ত প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি বিদেশী নামভৰ্তিৰ ওপৰত সীমা আৰোপ কৰা আদি কাৰ্যক প্ৰতিফলিত কৰে।