NORTHEAST NOW (Assamese)
অসম

সলনি হৈ গ’ল দলৰ মুখ্য প্ৰশিক্ষক, দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে নতুন ৰূপত টিম ইণ্ডিয়া!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2024 1:33 pm

নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব টিম ইণ্ডিয়াই। ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখন খেলৰ টি-২০ শৃংখলা খেলিব। এই ছিৰিজৰ পূৰ্বে ভাৰতীয় টীম মোনেজমেন্টে নতুন সিদ্ধান্ত লৈছে। দলৰ মুখ্য প্ৰশিক্ষককে সলনি কৰা দিয়া হৈছে!

দৰাচলতে এই ছিৰিজত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ’ব ভিভিএছ লক্ষ্মণ। ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই ছিৰিজটো। অৱশ্যে গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলৰ স্থায়ী মুখ্য প্ৰশিক্ষক হৈয়ে আছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে তেওঁ টিম ইণ্ডিয়াৰ সৈতে দক্ষিণ আফ্ৰিকালৈ যাব নোৱাৰিব।

লগতে পঢ়কঃ ৰাজনীতিত প্ৰথম জনসভা তামিল অভিনেতা বিজয়ৰ; স্পষ্ট কৰিলে দলৰ লক্ষ্য, ষ্টেলিনৰ দলকো কটাক্ষ!

ভাৰতীয় ক্ৰিকেট দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলিবলৈ অষ্ট্ৰেলিয়ালৈ যাব লাগিব। ইফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলিব লাগিব টিম ইণ্ডিয়াই। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ শীৰ্ষত আছে ভিভিএছ লক্ষ্মণ। তেওঁক মুখ্য প্ৰশিক্ষক হিচাপে প্ৰেৰণ কৰা হৈছে। টীম ইণ্ডিয়াই ক্ৰমে ৮, ১০, ১৩ আৰু ১৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখন টি-২০ আই মেচ খেলিব।

দক্ষিণ আফ্ৰিকা ছিৰিজৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো:

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, তিলক ৱাৰ্মা, জীতেশ শৰ্মা (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰমনদীপ সিং, অৰ্শদীপ সিং, বিজয়কুমাৰ বৈশাখ, আবেশ খান, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই আৰু যশ দয়াল।