NORTHEAST NOW (Assamese)
অসম

গমধৰ কোঁৱৰক ভাৰতৰ প্ৰথম স্বাধীনতা সেনানী হিচাপে ঘোষণাৰ দাবী টাইপাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 28, 2024 2:55 pm

গমধৰ কোঁৱৰক ভাৰতৰ প্ৰথম স্বাধীনতা সেনানী হিচাপে ঘোষণাৰ দাবী উত্থাপন হৈছে।

গমধৰ কোঁৱৰক দেশত চিনাকী কৰাই দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰক চৰকাৰে এই দাবী টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ।

অসমে নহয় ভাৰতৰ প্ৰেক্ষাপটত আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে ঘোষণা হব লাগে। আজিৰ দিনটোতে আহোম ৰাজকোঁৱৰ গমধৰ কোঁৱৰে প্ৰবল প্ৰতাপী বৃটিছৰ বিৰোদ্ধে ১৮২৮ চনৰ ১১ কাতিৰ দিনটোত বিদ্ৰোহ ঘোষণা কৰিছিল।

লগতে পঢ়কঃ ডুৰাণ্ডৰ পিছত লক্ষ্য আই এছ এল; পাৰ্থিৱ গগৈক লৈ সপোন দেখিছে প্ৰশিক্ষক পেড্ৰ’ বেনালিয়ে

দেশৰ প্ৰেক্ষাপটত মংগল পাণ্ডেক প্ৰথম স্বাধীনতা সেনানী হিচাপে পৰিচিত যদিও তাৰ বহু বছৰ পূৰ্বে গমধৰ কোঁৱৰে বৃটিছৰ বিৰোদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল বুলি মন্তব্য টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ।

সেয়ে, ১১ কাতিৰ দিনটোক গমধৰ দিৱস হিচাপে প্ৰৱৰ্তন কৰাৰ দাবী টাইপাৰ।