• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুৰাণ্ডৰ পিছত লক্ষ্য আই এছ এল; পাৰ্থিৱ গগৈক লৈ সপোন দেখিছে প্ৰশিক্ষক পেড্ৰ’ বেনালিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2024 9:45 am
নৰ্থইষ্ট ইউনাইটেডৰ অসমৰ খেলুৱৈ পাৰ্থিৱ গগৈয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফটোঃ সংগ্ৰহীত।

নৰ্থইষ্ট ইউনাইটেডৰ অসমৰ খেলুৱৈ পাৰ্থিৱ গগৈয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ছিজনত শক্তিশালী প্ৰদৰ্শনেৰে খেলপথাৰত প্ৰৱেশ কৰিছে নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে। যোৱা বছৰ য’ত শেষ হৈছিল, এই বছৰ তেওঁলোকে আৰু শক্তিশালীভাৱে আৰম্ভ কৰিছে। দলটোৱে চলিত ছিজনৰ আৰম্ভণিতে প্ৰসিদ্ধ ডুৰাণ্ড কাপ চেম্পিয়ন হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। মোহন বাগান ছুপাৰ জায়েন্টছৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ট্ৰফী হস্তগত কৰে।

অৱশ্যে ডুৰাণ্ড কাপত সেই আশ্চৰ্য্য প্ৰদৰ্শনৰ পিছতো আই এছ এলত প্ৰথমতেই মহামেদান স্প’ৰ্টিং ক্লাবক পৰাস্ত কৰে। এই জয়ত আলাউদ্দিন আজৰাইয়ে একমাত্ৰ গ’লটো দিয়ে। কিন্তু নৰ্থ-ইষ্টে পৰৱৰ্তী মেচত শক্তিশালী মোহন বাগানৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল।

সেয়া অতীত কৰি তুলি পিছৰ মেচখনতে উত্তৰ-পূবৰ দলটোৱে পুনৰ ছন্দলৈ ঘুৰি আহিল। তেওঁলোকৰ শক্তি শেষ হোৱা নাই। একেৰাহে তিনিখন মেচত কিছু অস্থিৰ প্ৰদৰ্শনৰ অন্তত দলটোৱে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে সহজ জয় নিশ্চিত কৰে। এই প্ৰদৰ্শনে তেওঁলোকক তালিকাৰ পঞ্চম স্থানলৈ লৈ যায়, য’ত তেওঁলোকে ৬খন খেলৰ পৰা মুঠ ৮ পইণ্ট সংগ্ৰহ কৰে।

Apply Now

লগতে পঢ়কঃ ৰাজনীতিত প্ৰথম জনসভা তামিল অভিনেতা বিজয়ৰ; স্পষ্ট কৰিলে দলৰ লক্ষ্য, ষ্টেলিনৰ দলকো কটাক্ষ!

দলটোৰ এই ভাল ফলাফলৰ আঁৰত প্ৰশিক্ষক পেড্ৰ’ বেনালিৰ পথ প্ৰদৰ্শন, আলাউদ্দিন আজৰাইৰ লগতে অসমৰ তাৰকা পাৰ্থিৱ গগৈয়ে এক বিশেষ ভূমিকা পালন কৰিছে।

মাত্ৰ একৈশ বছৰীয়া এইজন ফৰৱাৰ্ড খেলুৱৈ পাৰ্থিৱ গগৈয়ে ইতিমধ্যে ৫খন খেলত ২টা গ’ল আৰু ১টা এছিষ্টেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। যোৱা ছিজনৰ শক্তিশালী প্ৰদৰ্শনৰ ধাৰাবাহিকতাত এই ছিজনতো তেওঁ নিজৰ জাতীয় দলত কেইবাবাৰো সুযোগ পাইছিল।

নৰ্থইষ্ট ইউনাইটেডৰ স্পেইনৰ প্ৰশিক্ষক পেড্ৰ’ বেনালি এইগৰাকী ভাৰতীয় খেলুৱৈক লৈ অতি আশাবাদী। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘পাৰ্থীৱক লৈ মই গৌৰৱান্বিত। খেলপথাৰত তেওঁৰ নিৰন্তৰ উন্নতি আৰু অৱদান দেখি মই আনন্দিত হৈছো। যিসকলে সদায় পৰিসংখ্যাৰ কথা চিন্তা কৰি থাকে তেওঁলোকে অলপ সময় অপেক্ষা কৰিব পাৰে। আগন্তুক মেচসমূহত পাৰ্থিবৰ আৰু ভাল প্ৰদৰ্শন চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছো।”

লগতে পঢ়কঃ স্বামী-স্ত্ৰীৰ এই অভ্যাসবোৰে ধ্বংস কৰে জীৱন; কৈছে চাণক্য নীতিয়ে

জামছেদপুৰৰ খেলখনত পাৰ্থিবৰ দুটা গ’লে দলটোৰ দুৰ্বলতা দূৰ কৰাত সহায় কৰে আৰু পাৰ্থিবৰ মেন অৱ দ্য মেচৰ স্বীকৃতিয়ে মেচখনক আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিলে। প্ৰশিক্ষকৰ কথাৰ পৰা স্পষ্ট যে পাৰ্থিৱ গগৈয়ে ভৱিষ্যতে দলৰ সফলতাত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এতিয়া বেনালিৰ সপোন আৰু পার্থিৱৰ অসাধাৰণ প্রদর্শনে নর্থ ইষ্ট ইউনাইটেডক এই ছিজনত আই এছ এল খিতাপৰ দিশে কিমান দূৰলৈ লৈ যাব পাৰে সেয়া লক্ষ্যণীয় হ’ব৷ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd