• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনীতিত প্ৰথম জনসভা তামিল অভিনেতা বিজয়ৰ; স্পষ্ট কৰিলে দলৰ লক্ষ্য, ষ্টেলিনৰ দলকো কটাক্ষ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2024 8:42 am
জনসভাত থালাপতি বিজয়। ফটোঃ সংগ্ৰহীত।

জনসভাত থালাপতি বিজয়। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঠ মাহ পূৰ্বে তেওঁ ৰাজনীতিত প্ৰৱেশৰ কথা ঘোষণা কৰিছিল। সমৰ্থকসকলৰ মাজত ‘থালাপতি বিজয়’ বুলি জনপ্ৰিয় তামিল অভিনেতা বিজয়ে দেওবাৰে নিজৰ নতুন দলৰ সমৰ্থনত প্ৰথমখন ৰেলী অনুষ্ঠিত কৰে। প্ৰথম জনসভাৰ পৰাই তেওঁ দলৰ লক্ষ্য আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে অৱগত কৰে। একে সময়তে ৰাজ্যৰ শাসকীয় দল ডিএমকেকো কটাক্ষ কৰে।

বিজয়ে নিজৰ দলৰ নাম ৰাখিছে ‘তামিলাগা ভেত্ৰী কাঝাগাম’ (টিভিকে)। দেওবাৰে তামিলনাডুৰ ভিল্লুপুৰম জিলাত টিভিকেৰ জনসভা অনুষ্ঠিত হয়। টিভিকেই দাবী কৰে যে ৰাজনীতিবিদ বিজয়ৰ ভাষণ শুনিবলৈ সভাস্থলীত লাখ লাখ লোক সমবেত হৈছিল। সমাৱেশৰ পৰা বিজয়ে কয় যে তেওঁৰ দলে দ্ৰাবিড় আন্দোলনৰ নেতা ৰামাস্বামী পেৰিয়াৰৰ আদৰ্শ অনুসৰণ কৰিব। লগতে সকলো মানুহৰ ৰাজনৈতিক বিশ্বাস মানি চলিব বুলিও কয়।

দলৰ ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত বিজয়ে কয় যে তেওঁলোকে ৰাজ্যপালৰ পদ বিলুপ্ত কৰাটো বিচাৰে। ছোৱালীৰ বাবে সমান সুযোগ বিচাৰে। আদালতত তামিল ভাষাক কামকাজৰ ভাষা হিচাপে স্বীকৃতি দিব বিচাৰে। ইয়াৰ উপৰিও বিজয়ে কংগ্ৰেছকে ধৰি দেশৰ অন্যান্য বিৰোধী দলৰ লগত সুৰ মিলাই জাতি গণনাৰ দাবী উত্থাপন কৰে। প্ৰাথমিকভাৱে তামিল জাতীয়তাবাদৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিজয়ৰ দলে নিৰ্বাচনী পথাৰত প্ৰৱেশ কৰিছে বুলি ধাৰণা কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ হাস্যবদনে দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! অভিযুক্তৰ কান্ধত হাত থৈ ফটোৰ বাবে প’জ আৰক্ষীৰ

কাৰো নাম নোলোৱাকৈয়ে সমাৱেশত বিজয়ে কয় যে গোপন বুজাবুজিৰ জৰিয়তে এটা পৰিয়ালে লুণ্ঠন কৰিছে। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই বিশ্বাস কৰে যে বিজয়ৰ লক্ষ্য আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু কৰুণানিধিৰ পুত্ৰ এম কে ষ্টেলিনৰ পৰিয়াল।

অভিনেতাৰ পৰা ৰাজনীতিবিদত পৰিণত হোৱা বিজয়ে কটাক্ষ কৰি কয় যে একাংশ লোকে দ্ৰাবিড় মডেলৰ নামত মানুহক বিপথে পৰিচালিত কৰিছে। তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী তথা ষ্টেলিন-পুত্ৰ উদয়নিধিয়ে অৱশ্যে বিজয়ক ‘প্ৰিয় বন্ধু’ বুলি অভিহিত কৰি ভৱিষ্যতৰ বাবে শুভকামনা জনায়।

বিগত বৰ্ষৰ জুন মাহত প্ৰথম প্ৰকাশ পাইছিল যে বিজয়ে ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে। চেন্নাইত ছাত্ৰ-ছাত্ৰীৰ পদযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। তাত নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাৰ পৰা ধন গ্ৰহণ নকৰিবলৈ অভিভাৱকক পতিয়ন নিয়াবলৈ অভিনেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনায়।

লগতে পঢ়কঃ ‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়’ : বিতৰ্কৰ পিছত মুখ খুলিলে ডি ৱাই চন্দ্ৰচুড়ে

মনোৰঞ্জনৰ পৰা ৰাজনীতিলৈ যোৱাটো দক্ষিণ ভাৰতত নতুন কথা নহয়। এই ক্ষেত্ৰত দক্ষিণ ভাৰতকে অগ্ৰণী বুলি ক’ব পাৰি। বহু মনোৰঞ্জন জগতৰ তাৰকাই ৰাজনীতিত প্ৰৱেশ কৰিছে। ইয়াৰ শ্ৰেষ্ঠ উদাহৰণ আছিল এম জি ৰামচন্দ্ৰন, জয়ললিতা, বৈজয়ন্তীমালা, শিৱাজী গণেশন আদি। ইয়াৰ বাহিৰেও কমল হাছান, ‘কেপ্তেইন’ বিজয়কান্ত, সৰথকুমাৰৰ দৰে তাৰকাও আছে। এইবাৰ বিজয়ৰ নামো এই তালিকাত যোগ হ’ল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd