বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ আদেশ শুনোৱাৰ পাছতো অহা ডিচেম্বৰ মাহৰ ভিতৰত স্বদেশলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। ২০২৪ চনৰ ৫ আগষ্টত গণবিক্ষোভৰ চাপত পদত্যাগ কৰি ভাৰতত আশ্রয় গ্ৰহণ কৰা হাছিনাই স্বদেশলৈ ওভতাৰ বাবে প্ৰয়োজনীয় পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰ বিচাৰি তেওঁৰ অধিবক্তাৰ জৰিয়তে ঢাকাস্থিত বাংলাদেশ উচ্চায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও বাংলাদেশ চৰকাৰে সেই অনুৰোধ নাকচ কৰিছে।
আনহাতে, বাংলাদেশৰ আইন মন্ত্ৰী আছাদুজ্জামানে দাবী কৰিছে যে ২০১৩ চনৰ ২৮ জানুৱাৰীত স্বাক্ষৰিত ভাৰত-বাংলাদেশ বন্দী প্ৰত্যৰ্পণ চুক্তি অনুসৰিয়েই হাছিনাক ওভতাই পঠিয়াব লাগিব আৰু এইক্ষেত্ৰত ঢাকাৰ ফালৰ পৰা সকলো কৰণীয় সম্পন্ন কৰা হৈছে। ইয়াৰ বিপৰীতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰত্যৰ্পণক এক আইনী বিষয় বুলি উল্লেখ কৰি আইন অনুসৰিহে ইয়াক বিবেচনা কৰা হ’ব বুলি স্পষ্ট কৰি দিছে।
বিবিচি বাংলাৰ এক প্ৰতিবেদনত দাবী কৰা অনুসৰি, হাছিনাক ওভতাই পঠিওৱাৰ ক্ষেত্ৰত নতুন দিল্লীয়ে ঢাকাক দুটা চৰ্ত বান্ধি দিছে। প্ৰথম চৰ্ত অনুসৰি, বাংলাদেশ সেনাবাহিনীয়ে বিমান পঠিয়াই তেওঁক নিব পাৰে অথবা স্থলসীমান্তৰ কোনো নিৰ্ধাৰিত স্থানত তেওঁক গ্ৰহণ কৰিব পাৰে। দ্বিতীয় চৰ্ত হিচাপে মৃত্যুদণ্ডৰ বিৰুদ্ধে আপীলৰ সুযোগ আৰু নতুন বিচাৰৰ নিশ্চয়তাৰ কথা কোৱা হৈছে। অৱশ্যে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই চৰ্তসমূহৰ সত্যতা নিশ্চিত কৰা নাই। কূটনৈতিক মহলৰ মতে, হাছিনাৰ প্ৰত্যাৱৰ্তনক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত নতুনকৈ আৰম্ভ হোৱা কূটনৈতিক টনা-আঁজোৰাত এই বন্দী প্ৰত্যৰ্পণ চুক্তিখন বাংলাদেশৰ বাবে ‘অস্ত্ৰ’ আৰু ভাৰতৰ বাবে ‘ঢাল’ হৈ পৰিছে।
২০১৩ চনৰ ২৩ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা ২১টা অনুচ্ছেদযুক্ত এই মূল চুক্তিখনৰ শর্ত অনুসৰি, দুয়োখন দেশৰ আইনত ন্যূনতম এবছৰৰ কাৰাদণ্ডৰ বিধান থকা যিকোনো অপৰাধেই প্ৰত্যৰ্পণযোগ্য। ইয়াৰ ভিতৰত কৰ, ৰাজস্ব আৰু অৰ্থনৈতিক অপৰাধো অন্তৰ্ভুক্ত। চুক্তিখনৰ কেন্দ্ৰবিন্দুত আছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আৰু বাংলাদেশৰ গৃহ মন্ত্ৰালয়। অৱশ্যে ৰাজনৈতিক প্ৰকৃতিৰ অপৰাধৰ ক্ষেত্ৰত অনুৰোধপ্ৰাপ্ত দেশে ইচ্ছা কৰিলে প্ৰত্যৰ্পণ নাকচ কৰিব পাৰে। কিন্তু হত্যা,উদ্দেশ্যপ্ৰণোদিত আঘাত, বিস্ফোৰণ, আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ, অপহৰণ, হত্যাত উচটনি দিয়া আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক ৰাজনৈতিক অপৰাধৰ তালিকাৰ বাহিৰত ৰখা হৈছে। ইফালে সামৰিক অপৰাধ, সাধাৰণ ফৌজদাৰী আইনৰ অধীনত নপৰা অপৰাধ বা অভিযোগৰ পাছত দীৰ্ঘসময় অতিবাহিত হ’লে প্ৰত্যৰ্পণ সম্ভৱ নহয়।
২০১৬ চনৰ ২৮ জুলাইত দুয়োখন দেশে চুক্তিখনৰ ১০(৩) অনুচ্ছেদটো সংশোধন কৰিছিল। এই সংশোধনী অনুসৰি, বিচাৰাধীন অভিযুক্তক ওভতাই বিচৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট দেশৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা দাখিল কৰাটোৱেই যথেষ্ট আৰু ইয়াৰ বাবে সুকীয়াকৈ প্ৰাথমিক সাক্ষ্য-প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। কিন্তু শ্বেখ হাছিনাৰ ক্ষেত্ৰত এই নিয়ম পোনপটীয়াকৈ প্ৰযোজ্য নহয়, কিয়নো ন্যায়াধিকৰণে ইতিমধ্যে তেওঁক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড বিহিছে। অৰ্থাৎ বিচাৰৰ বাবে নহয়, আদালতৰ শাস্তি কাৰ্যকৰী কৰাৰ বাবেহে তেওঁৰ প্ৰত্যৰ্পণ বিচৰা হৈছে। সেয়েহে চুক্তিৰ ১০(৪) অনুচ্ছেদ অনুসৰি বাংলাদেশে দোষী সাব্যস্ত হোৱাৰ প্ৰমাণ-পত্ৰ, শাস্তিৰ নথি আৰু সংশ্লিষ্ট ব্যক্তিগৰাকীয়ে সেই ৰায় বা শাস্তিক লৈ আইনী প্ৰশ্ন তুলিব নোৱাৰিব বুলি এক বিবৃতি জমা দিব লাগিব। লগতে শাস্তিৰ কিমান অংশ কাৰ্যকৰী কৰিবলৈ বাকী আছে সেয়াও জনাব লাগিব।
বাংলাদেশে প্ৰয়োজনীয় সকলো নথি-পত্ৰ জমা দিলেও ভাৰতে বাধ্যতামূলকভাৱে হাছিনাক ওভতাই দিবই লাগিব বুলি কোনো কথা নাই। ভাৰতে চুক্তিৰ ৮ নম্বৰ অনুচ্ছেদত থকা প্ৰত্যৰ্পণ নাকচৰ কাৰণসমূহ বিবেচনা কৰিব পাৰে। বিশেষকৈ অভিযোগটো ন্যায়বিচাৰৰ স্বাৰ্থত সৎ উদ্দেশ্যেৰে কৰা হোৱা নাই নেকি অথবা প্ৰত্যৰ্পণ অন্যায় বা নিপীড়নমূলক হ‘ব নেকি এই যুক্তিসমূহ ভাৰতে পৰীক্ষা কৰি চাব পাৰে। গ্ৰেপ্তাৰ বা মৃত্যুৰ আশংকাই সিদ্ধান্ত সলনি কৰিব নোৱাৰে বুলি হাছিনাই ঘোষণা কৰাৰ পাছত, তেওঁ স্বদেশলৈ উভতিলে নতুন দিল্লীয়ে তেওঁৰ সুবিচাৰ আৰু নিৰাপত্তা নিশ্চিত কৰিব বিচাৰিছে। কূটনৈতিক পৰ্যায়ত এই লৈ আলোচনা অব্যাহত আছে যদিও বন্দী প্ৰত্যৰ্পণ চুক্তিৰ আধাৰত কোনটো পক্ষই কি চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়তহে স্পষ্ট হ’ব।





