দেশত শিশুৰ পুষ্টিহীনতা আৰু খাদ্যৰ অধিকাৰৰ ভয়াৱহ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ‘ৰাইট টু ফুড কেম্পেইনে’। শেহতীয়া গ্ল’বেল হাংগাৰ ইনডেক্স-২০২৬ত ভাৰতে ১২২ খন দেশৰ ভিতৰত ১০০ সংখ্যক স্থান লাভ কৰি ‘গুৰুতৰ’ শ্ৰেণীত অৱস্থান কৰিছে। ইয়াৰ উপৰিও এনএফএইচএছ-৬ৰ তথ্য অনুসৰি, ভাৰতত ৫ বছৰৰ অনুৰ্ধৰ ৩০ শতাংশ শিশুৰ উচ্চতা বয়সৰ অনুপাতে বৃদ্ধি পোৱা নাই, যিটো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাতকৈও অধিক। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত অংগনৱাড়ী, প্ৰধানমন্ত্ৰী পোষণ আৰু প্ৰসূতিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে সংস্থাটোৱে।
তৃতীয় ৰাষ্ট্ৰীয় শিশুৰ খাদ্যৰ অধিকাৰ সন্মিলনৰ প্ৰস্তুতিৰ অংশ হিচাপে সংস্থাটোৱে দেশৰ ৯ খন ৰাজ্যৰ ১৮৫ টা অংগনৱাড়ী কেন্দ্ৰত সমীক্ষা চলাইছিল। এই সমীক্ষাত পোহৰলৈ আহে যে ১৩.৯ শতাংশ কেন্দ্ৰৰ পকী গৃহ নাই আৰু ২১ শতাংশ কেন্দ্ৰত সুকীয়া পাকঘৰ নাই, যিয়ে শিশুৰ বাবে অগ্নি নিৰ্বাপক বিপদৰ সৃষ্টি কৰিব পাৰে। মাত্ৰ ১২ শতাংশ কেন্দ্ৰতহে কণী আৰু ২৬ শতাংশত ফল-মূল প্ৰদান কৰা হয়। আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল, প্ৰায় ৩১ শতাংশ অংগনৱাড়ী কৰ্মীয়ে প্ৰকাশ কৰিছে যে ই-কেৱাইচি ব্যৰ্থ হোৱাৰ বাবে বহু শিশুৱে সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে আৰু ২৪ শতাংশ কৰ্মীৰ মতে ফেচিয়েল ৰিকগনিচন টেকন’লজীৰ বাবেও হিতাধিকাৰী বঞ্চিত হৈছে।
আনহাতে, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত প্ৰথম সন্তান জন্মৰ সময়ত ৫,০০০ টকা আৰু দ্বিতীয় সন্তান কন্যা হ’লে ৬,০০০ টকা প্ৰদানৰ নিয়ম আছে। কিন্তু ২,৫৮০ গৰাকী যোগ্য মহিলাৰ মাজত চলোৱা সমীক্ষাত দেখা গৈছে যে ৯২ শতাংশই গৰ্ভাৱস্থাৰ পঞ্জীয়ন কৰিছিল যদিও মাত্ৰ ২১ শতাংশইহে ধন লাভ কৰিছে। ২০১৭ চনৰ পৰা এতিয়ালৈকে কেৱল ৪.৪০ কোটি মহিলাইহে এই ধন লাভ কৰিছে, য’ত প্ৰায় ২০-২৩ কোটি সন্তানৰ জন্ম হোৱাৰ অনুমান কৰা হৈছে। এই সন্দৰ্ভত দীপা সিনহাই কয় যে PMMVY আঁচনিৰ বাবে প্ৰয়োজন হোৱা ১২,০০০ কোটি টকাৰ বিপৰীতে মাত্ৰ ২,৫০০ কোটি টকাহে আৱণ্টন কৰা হৈছে আৰু তাৰো মাত্ৰ ২৫ শতাংশহে ব্যৱহাৰ কৰা হৈছে।
শিশু দিৱসৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা এক সংবাদমেলৰ জৰিয়তে ৰাইট টু ফুড কেম্পেইনে চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে আধাৰ, ই-কেৱাইচি আৰু ফেচিয়েল ৰিকগনিচনৰ দৰে প্ৰযুক্তিগত বাধ্যবাধকতাৰ অজুহাতত মহিলা আৰু শিশুসকলক তেওঁলোকৰ আইনী প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰিব লাগে। সংস্থাটোৱে লগতে দাবী জনায় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে আইচিডিএছ আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ মানদণ্ড উন্নত কৰিবলৈ পৰ্যাপ্ত পুঁজি আৱণ্টন কৰিব লাগে আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আইনী অধিকাৰ সুনিশ্চিত কৰিব লাগে।





