উৰণৰ কিছু সময়ৰ পিছতে এটা যান্ত্ৰিক বিজুতি ধৰা পৰে। দেওবাৰে পুৱা পুনে বিমানবন্দৰত ইণ্ডিগ’ৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। প্ৰাথমিক খবৰ অনুসৰি বিমানখনৰ লেণ্ডিং গিয়াৰত বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। বিমানখনত ১৯২ জন যাত্ৰী আৰু ক্ৰু আছিল। তেওঁলোক সকলো নিৰাপদে আছে।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি পুনেৰ পৰা পুৱা ৭:১৭ বজাত ইণ্ডিগ’ৰ ৬ই ০৬২৩ (ভিটি-আইজেই) বিমানখনৰ যাত্ৰা আৰম্ভ হয়। গন্তব্যস্থান আছিল গুৱাহাটী। কিন্তু টেক অফৰ পিছত লেণ্ডিং গিয়াৰটো একেবাৰে চম্ভালিব পৰা নাছিল। বিপদজনকভাৱে বাহিৰলৈ ওলাই আছিল। পাইলটে সমগ্ৰ বিষয়টোৰ বিষয়ে এয়াৰ ট্ৰিফিক কন্ত্ৰোলক অৱগত কৰে। ইয়াৰ পিছত জৰুৰীকালীন অৱতৰণৰ প্ৰস্তুতি লোৱা হয়।
ইয়াৰ লগে লগে বিমানবন্দৰটোত ‘ফুল ইমাৰ্জেন্সি’ ঘোষণা কৰা হয়। অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাৰ লোকক সষ্টম কৰি ৰখা হৈছিল। অৱতৰণৰ পূৰ্বে বিমানখনে ৰাণৱেৰ অতি তলেৰে উৰি লেণ্ডিং গিয়াৰৰ অৱস্থা পৰীক্ষা কৰিছিল। অৱশেষত নিৰাপদে অৱতৰণ কৰে। ইয়াৰ পিছতে বিমানখন ৭ নং বেলৈ লৈ যোৱা হয়।
ইণ্ডিগ’ই যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰিছে। বেংগালুৰুৰ পৰা এখন বিমান পুনেলৈ অনাৰ পৰিকল্পনা কৰা হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষই দাবী কৰিছে যে সমগ্ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিমানবন্দৰ, এটিচি, বিমান সংস্থা আৰু জৰুৰীকালীন সেৱাৰ মাজত ক্ষিপ্ৰ সমন্বয় গঢ়ি তোলা হৈছিল।
নিৰ্ধাৰিত সুৰক্ষা নিয়ম অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হৈছিল। বিমানবন্দৰ কৰ্তৃপক্ষই কয় যে যাত্ৰী আৰু বিমানকৰ্মীসকলৰ সুৰক্ষা ইয়াৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।





