খচৰা ভোটাৰ তালিকাৰ পৰা যিসকল ভোটাৰৰ নাম এনুমোৰেচন ফৰ্ম জমা নিদিয়াৰ বাবে কৰ্তন কৰা হৈছিল, তেওঁলোকে এতিয়া পুনৰ এই ফৰ্ম জমা কৰাৰ সুযোগ লাভ কৰিব। শনিবাৰে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে উচ্চতম ন্যায়ালয়ত এক যুটীয়া শপতনামা দাখিল কৰি এই কথা সদৰী কৰিছে। এই সুবিধা কেৱল বৰ্তমান এছআইআৰ প্ৰক্ৰিয়া চলি থকা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাদ পৰা ভোটাৰসকলেহে লাভ কৰিব বুলি আয়োগে স্পষ্ট কৰি দিছে।
যোৱা ২৮ অক্টোবৰত দিল্লীৰ এছআইআৰ সম্পৰ্কীয় এক গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে নাম কৰ্তন হোৱা ভোটাৰসকলৰ কাষ চাপিবলৈ নিৰ্বাচন আয়োগক পৰামৰ্শ দিছিল। ঘাইকৈ অনুপস্থিত থকা বা আন ঠিকনালৈ স্থানান্তৰিত হোৱাৰ বাবে খচৰা তালিকাৰ পৰা বাদ পৰা লোকসকলক কেনেদৰে ঢুকি পাব পাৰি, তাৰ উপায় বিচাৰিবলৈ ন্যায়ালয়ে আয়োগক নিৰ্দেশ দিছিল। ইয়াৰ পাছতেই যোৱা ৬ নৱেম্বৰত নিৰ্বাচন আয়োগে এছআইআৰ চলি থকা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ এক নিৰ্দেশনামূলক পত্ৰ প্ৰেৰণ কৰে।
নিৰ্বাচন আয়োগৰ পত্ৰ অনুসৰি, বাদ পৰা ভোটাৰসকলে নিৰ্বাচনী পঞ্জীয়ন বিষয়া বা সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ ওচৰত এনুমোৰেচন ফৰ্ম জমা কৰিব পাৰিব। ভোটাৰগৰাকীয়ে নিজে বা পৰিয়ালৰ সদস্যৰ জৰিয়তেও বিএলঅ’ৰ হাতত ফৰ্ম জমা দিয়াৰ সুবিধা থাকিব। ইয়াৰ উপৰিও ‘ইচিআইনেট’ প’ৰ্টেলৰ জৰিয়তে অনলাইনযোগে ফৰ্ম জমা কৰাৰো ব্যৱস্থা কৰা হৈছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি, ভোটাৰসকলে এনুমোৰেচন ফৰ্মত তেওঁলোকৰ বৰ্তমানৰ ঠিকনা উল্লেখ কৰিব পাৰিব। যিসকলৰ ঠিকনা সলনি হোৱা নাই, তেওঁলোকে ফৰ্মৰ সৈতে এখন অতিৰিক্ত বিবৃতি জমা দিব লাগিব, য’ত পূৰ্বে ফৰ্ম জমা নিদিয়াৰ কাৰণ উল্লেখ থাকিব।
আনহাতে, একেখন ৰাজ্যৰ ভিতৰতে স্থানান্তৰিত হোৱা ভোটাৰসকলৰ বাবে ফৰ্ম-৮ জমা দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে এনুমোৰেচন ফৰ্মৰ সৈতে এমেক্সচাৰ-চি জমা দি তাত নতুন ঠিকনা আৰু বিধানসভা সমষ্টিৰ নাম উল্লেখ কৰিব লাগিব। ইয়াৰ লগতে নতুন ঠিকনাৰ প্ৰমাণপত্ৰও সংশ্লিষ্ট ইআৰঅ’ৰ ওচৰত দাখিল কৰিব লাগিব। আয়োগে লগতে জনাইছে যে ভোটাৰসকলৰ নাম কি কাৰণে বাদ পৰিছে সেয়া উল্লেখ কৰি এখন নতুন তালিকা প্ৰকাশ কৰা হ’ব আৰু যোগ্য ভোটাৰৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব।
শেহতীয়াকৈ এছআইআৰ প্ৰক্ৰিয়াত হোৱা বিসংগতিক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত হৈছে। বিৰোধী দলসমূহে ভোটচুৰিৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ পৰ্যন্ত দাবী কৰিছে। এনে এক উত্তপ্ত পৰিস্থিতিৰ মাজতে দিল্লীকে ধৰি সাতখন ৰাজ্যত ভুলক্ৰমে বাদ পৰা ভোটাৰসকলৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।





