NORTHEAST NOW (Assamese)
অসম

নিজ ৰাজ্যত দলৰ বিজয়ত ব্যৰ্থ হ’লেও লোকসভা নিৰ্বাচনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি থাকিব নাড্ডা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 17, 2023 5:34 pm

লোকসভা নিৰ্বাচনলৈকে গেৰুৱা শিবিৰৰ আস্থা জে পি নাড্ডাৰ ওপৰতেই আছে। জে পি নাড্ডা ২০২৪ চনৰ জুনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থাকিব। অমিত শ্বাহে মঙলবাৰে এই ঘোষণা কৰে।

২০২৪তে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। অৱশ্যে, নাড্ডাৰ কাৰ্যকাল বৃদ্ধি প্ৰত্যাশিতই আছিল। চলিত বছৰত ৯খন ৰাজ্যত নিৰ্বাচন আছে। ২০২৪ চনত পুনৰ লোকসভা নিৰ্বাচন। সেইকাৰণে বৃদ্ধি কৰা হৈছে নাড্ডাৰ কাৰ্যকাল।

দলৰ কাৰ্যকভাতৃ বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰিব নেকি?ৰী সমিতিৰ সদস্যসকলে নাড্ডাক সমৰ্থন কৰিছে। বৈঠকৰ পিছত অমিত শ্বাহে কয়, “আমি আশাবাদী যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সভাপতি জে পি নাড্ডাৰ নেতৃত্বত বিজেপিয়ে ২০১৯ ৰ তুলনাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অধিক ভাল প্ৰত্যাহ্বান জনাব।”

নাড্ডাৰ সভাপতি হিচাপে কাৰ্যকাল এই মাহত শেষ হোৱাৰ কথা আছিল। সেয়া  ২০২৪ৰ জুনলৈ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ নাড্ডাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায়। কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ গৃহ ৰাজ্যখনত বিজেপি ক্ষমতাচ্যুত হয় আৰু কংগ্ৰেছ শাসনলৈ আহে।

স্বাভাৱিকতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ৰাজ্যখনত বিজেপিৰ এই পৰাজয়ৰ পিছত নাড্ডা আঁতৰিব পাৰে বুলি চৰ্চা চলিছিল। কিন্তু অৱশেষত দলে আগন্তুক লোকসভা নিৰ্বাচনলৈ নাড্ডাৰ ওপৰতে আস্থা ৰাখিলে।