NORTHEAST NOW (Assamese)
Popular Stories

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2025 9:55 am

এতিয়া যদি উত্তৰ প্ৰদেশত শিয়াল বা কুকুৰনেছীয়াৰ কামোৰাৰ বাবে কোনো লোকৰ মৃত্যু হয় তেন্তে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিব ৪ লাখ টকাৰ ক্ষতিপূৰণ। শিয়াল আৰু কুকুৰনেছীয়াৰ আক্ৰমণৰ ফলত হোৱা প্ৰাণ হেৰুৱা ঘটনাক ৰাজ্যিক দুৰ্যোগ বুলি ঘোষণা কৰিছে চৰকাৰে। এতিয়া মুঠ ১১টা বন্যপ্ৰাণী এই ৰাজ্যিক দুৰ্যোগৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।

উত্তৰ প্ৰদেশত বাঘ, সিংহ, নাহৰফুটুকী, পহু, হায়েনা, ঘঁৰিয়াল, হাতী, গঁড়, বনৰীয়া গাহৰিৰ আক্ৰমণত কোনো ব্যক্তিৰ মৃত্যু হলে ভুক্তভোগীৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয়। এই সকলোবোৰ প্ৰাণীকে মানুহ-বন্যপ্ৰাণী সংঘাতৰ শ্ৰেণী-১ত স্থান দিয়া হৈছে। আনহাতে, শিয়াল আৰু কুকুৰনেছীয়াক শ্ৰেণী-২ত ৰখা হৈছে।

মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিয়ে মৌমাখিৰ আক্ৰমণৰ ফলত হোৱা মৃত্যুক ৰাজ্যিক দুৰ্যোগত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল। এই প্ৰস্তাৱ এতিয়াও উচ্চ পৰ্যায়ত গৃহীত হোৱা নাই। কোৱা হৈছে যে প্ৰথমে বন বিভাগৰ লগত মৌমাখি বন্যপ্ৰাণীৰ অধীনলৈ আহে নে নহয় সেই সম্পৰ্কে পৰামৰ্শ লব লাগে। একে সময়তে অট্টালিকা ভাঙি পৰা ঘটনাটো ৰাজ্যিক দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱো নাকচ কৰা হয়।