NORTHEAST NOW (Assamese)
অসম

আজি আৰু কাইলৈ বেংকলৈ নাযাব, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 16, 2021 12:23 pm
centralbank-image

আজি অৰ্থাৎ ১৬ ডিচেম্বৰ আৰু কাইলৈ বেংকলৈ নাযাব।

এই দুয়োটা দিনত বেংকলৈ গ’লে বিমুখ হৈ উভতিব লাগিব গ্ৰাহকসকলে।

কাৰণ কেন্দ্ৰীয় চৰকাৰে দেশৰ বহু কেইটা ৰাষ্ট্ৰীয়কৃতবেংক ব্যক্তিগতকৰণৰ বাবে দেখুওৱা তৎপৰতাৰ বিৰোধিতা কৰি আজি দেশৰ সাতটাকৈ বেংক কৰ্মচাৰীৰ সংগঠনৰ আহ্বানত দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

কৰ্মচাৰীৰ ধৰ্মঘটত অচল হৈ পৰিছে দেশৰ বেংকিং সেৱা।

অৱশ্যে গ্ৰাহকৰ বাবে সকাহৰ কথা এয়াই যে বেংকৰ কাম-কাজ অচল হৈ পৰিলেও বেংকৰ অনলাইন সেৱা সমূহ সক্ৰিয় অৱস্থাতে আছে। দুদিনীয়া ধৰ্মঘটত অংশগ্ৰহণ কৰিছে দেশৰ বিভিন্ন বেংকৰ প্ৰায় ৯ লাখ কৰ্মচাৰীয়ে।

বেংক বন্ধলৈ তামিলনাডুত ডিএমকে দলে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

ইউনাইটেড ফৰাম অব বেংক ইউনিয়নে আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি অসমৰ বিভিন্ন বেংকৰ কৰ্মচাৰীসকলেও সমৰ্থন জনাইছে।

ফলত অসমতো বেংক সেৱা অচল হৈ পৰিছে। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে বাজেট দাখিলৰ সময়তে দুটাকৈ ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণ কৰাৰ ইংগিত দিছিল।

চৰকাৰৰ পৰা এনে ইংগিত পোৱাৰ পিছতে বেংক কৰ্মচাৰীসকলে ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল।