NORTHEAST NOW (Assamese)
Popular Stories

ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত নৰেন্দ্ৰ মোদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2021 2:56 pm
Narendra Modi

দেশৰ ভিতৰত নিজৰ ব্যৰ্থতাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’লেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ হেৰুওৱা সন্মান কিঞ্চিত ঘূৰাই পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূটানে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়াইছে নৰেন্দ্ৰ মোদীলৈ।

দেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে ভূটানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘নগাদাগ পেল গি খোৰলো’ প্ৰদান কৰে।

ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিংয়ে সামাজিক মাধ্যমত কয় যে নৰেন্দ্ৰ মোডীৰ নাম সৰ্বোচ্চ অসামৰিক সন্মান ‘নগাদগ পেল গি খোৰলো’ ৰ নাম উচ্চাৰণ কৰা শুনি তেওঁ আনন্দিত হৈছে।

বিগত বছৰকেইটাত, বিশেষকৈ মহামাৰীৰ সময়ত ভূটানলৈ আগবঢ়োৱা সকলো চৰ্তহীন বন্ধুত্ব আৰু সমৰ্থনৰ বাবে দেশখনে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীলৈ এই সন্মান আগবঢ়ায়।