NORTHEAST NOW (Assamese)
অসম

আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়োগ; শোকস্তব্ধ আত্মীয়-অনুৰাগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2021 9:26 am
Mosco Saikia

অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ কৰ্তব্যৰত অৱস্থাতে আকস্মিক বিয়োগ ঘটিছে।

মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াই শনিবাৰে নিশা আকস্মিকভাৱে মৃত্যুক আকোৱালি লয়।

জানিব পৰা মতে কৰ্তব্যৰত অৱস্থাতে উচ্চ ৰক্তচাপত আক্ৰান্ত হয় আৰক্ষী বিষয়াগৰাকী।

Also Read: Wild Elephant Rampage দুধনৈত বনৰীয়া হাতীৰ সন্ত্ৰাস; কথমপি ৰক্ষা পৰিল শিশুসহ নৱগ্ৰামৰ এটি পৰিয়াল

আৰক্ষী বিষয়া শইকীয়াক ততাতয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ নিয়া হয় যদিও অৱশেষত তেওঁ তাতেই শেষ নিশ্বাস ত্যাগ কৰে।

শইকীয়াৰ এনে আকস্মিক বিয়োগত তেওঁৰ আত্মীয় তথা অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।