NORTHEAST NOW (Assamese)
অসম

প্ৰথম ভাৰতীয় হিচাপে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কিডাম্বি শ্ৰীকান্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2021 10:19 am
srikanth

স্পেইনৰ হুৱেলভা প্রদেশত অনুষ্ঠিত বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি অভিলেখ গঢ়িলে ভাৰতীয় শ্বাটলাৰ কিডাম্বি শ্ৰীকান্তে।

ছেমিফাইনেলত আন এগৰাকী ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ সৈতে হোৱা উত্তেজনাপূৰ্ণ খেলখনত শ্ৰীকান্তে সেনক পৰাজিত কৰি প্ৰথম ভাৰতীয় শ্বাটলাৰ হিচাপে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ অভিলেখ গঢ়ে।

ছেমিফাইনেলত শ্ৰীকান্তে সেনৰ বিৰুদ্ধে ১৭-২১, ২১-১৪, ২১-১৭ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে। ১ঘন্টা ৮ মিনিটজোৰা যুঁজৰ অন্তত নতুন এক কৃতিত্ব অৰ্জন কৰে কিডাম্বি শ্ৰীকান্তে।

Also Read: আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়োগ; শোকস্তব্ধ আত্মীয়-অনুৰাগী

অৱশ্যে ছেমিফাইনেলত পৰাজিত হ’লেও আন গৰাকী ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে ব্ৰঞ্জৰ পদক জয় কৰে।

উল্লেখ্য যে মহিলাৰ শাখাত ভাৰতৰ পি ভি সিন্ধুৱে ২০১৮ আৰু ২০১৯ত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। সিন্ধুৱে প্ৰথমবাৰত ফাইনেলত পৰাজিত হৈছিল যদিও দ্বিতীয়বাৰ ফাইনেলত বিজয়ী হৈছিল।

আনহাতে, পুৰুষৰ শাখাত ১৯৮৩চনত প্ৰকাশ পাডুকনে আৰু ২০১৯ত সাই প্ৰনীতে ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হয় যদিও এতিয়ালৈকে কোনো ভাৰতীয় শ্বাটলাৰে বিশ্ব চেম্পিয়নশ্বিপত সোণ বা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

এইবাৰ ভাৰতীয় শ্বাটলাৰ কিডাম্বি শ্ৰীকান্তে স্বৰ্ণ জয় কৰি অভিলেখ গঢ়িব বুলি আশা কৰিছে ভাৰতীয় বেডমিন্টন অনুৰাগীসকলে।