NORTHEAST NOW (Assamese)
অসম

স্বৰ্ণমন্দিৰত প্ৰৱেশ কৰি ধৰ্মগ্ৰন্থক অপবিত্ৰ কৰা অভিযুক্তৰ গণ প্ৰহাৰত মৃত্যু!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2021 1:47 pm
Man beaten to death in Golden temple

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণমন্দিৰক অপবিত্ৰ কৰাৰ উদ্দেশ্যেৰে পবিত্ৰ ধৰ্মগ্ৰন্থৰ ওপৰত ভৰি ৰখা আৰু পবিত্ৰ কৃপান চুৰি কৰাৰ অভিযোগত উন্মত্ত জনতাৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যু ঘটিছে।

শনিবাৰে স্বৰ্ণমন্দিৰৰ ভিতৰত এটা ধৰ্মীয় অনুষ্ঠান চলি আছিল আৰু তাৰ সম্প্ৰচাৰ কৰা হৈছিল। নিয়ম অনুসৰি তাত শিখসকলৰ ধৰ্মগ্ৰন্থৰ লগতে ধৰ্মীয় সামগ্ৰীসমূহো ৰখা হৈছিল।

তাৰ মাজতে হঠাৎ এজন অচিনাক্ত ব্যক্তিয়ে বেৰিকেড অতিক্ৰমি সংৰক্ষিত স্থানত প্ৰৱেশ কৰে আৰু ধৰ্মগ্ৰন্থৰ ওপৰত ভৰি ৰাখে।

এই ঘটনা দেখাৰ লগে লগে তাত উপস্থিত জনতাই ক্ষুব্ধ হৈ ব্যক্তিজনক কৰায়ত্ত কৰে আৰু উন্মত্ত জনতাই তেওঁক প্ৰহাৰ কৰে। গণ প্ৰহাৰৰ ফলত ব্যক্তিজনৰ মন্দিৰ চৌহদতেই মৃত্যু হয়।

অভিযুক্ত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই আৰু তেওঁ কি উদ্দেশ্যত এনে কাণ্ড সংঘটিত কৰিলে সেয়াও স্পষ্ট হোৱা নাই।

ইপিনে, আৰক্ষীয়ে ব্যক্তিজনৰ মৃত্যুৰ কথা অস্বীকাৰ কৰি অবিযুক্তক আটক কৰা বুলি দাবী কৰে।

উক্ত ঘটনাই সমগ্ৰ অমৃতসৰ চহৰজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকাই দেখা দিয়ে।

উল্লেখ্য চাৰিদিন পূৰ্বেও স্বৰ্ণমন্দিৰত অনুৰূপ ঘটনা এটা ঘটিছিল। সেই ঘটনাত শিখসকলৰ ধৰ্মগ্ৰন্থ ফালি পানীত পেলাই দিয়া হৈছিল।

পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ ঘটনা ৰাজ্য প্ৰশাসনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে।