NORTHEAST NOW (Assamese)
দেশ

এইবাৰ দলৰ সদস্যৰ ফোন টেপিঙৰ অভিযোগ তুলিলে অখিলেশ যাদৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2021 3:25 pm
Akhilesh Yadav

আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক পৰিস্থিতিয়ে ৰঙ সলাইছে উত্তৰ প্ৰদেশত। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সন্মুখত এইবাৰ শক্তিশালী প্ৰতিদ্বন্দী হিচাপে অৱতীৰ্ণ হৈছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ।

এইবাৰ অখিলেশ যাদৱে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে তুলিছে এটা গুৰুতৰ অভিযোগ। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে আজি অভিযোগ কৰে যে তেওঁৰ দলৰ নেতাসকলৰ ফোন টেপ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতি সন্ধিয়া এই ফোন টেপৰ ৰেকৰ্ডিং শুনিছে।

আয়কৰ বিভাগে সমাজবাদী পাৰ্টিৰ দলৰ নেতাসকলৰ ওপৰত ধাৰাবাহিক তালাচী চলোৱাৰ এদিন পিছতে বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায।

তেওঁ কয় যে এই অভিযানে বিজেপিয়ে নিৰ্বাচনত পৰাজিত হ’বলৈ গৈ থকাৰ ইংগিত দিছিল। নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিজেপিৰ এনে কৌশল বৃদ্ধি পাব বুলি মন্তব্য কৰে নেতাজনে।

“এই মুহূৰ্তত কৰ বিভাগ আহিছে, প্ৰৱৰ্তন সঞ্চালকালয় আহিব, চিবিআই আহিব। কিন্তু সমাজবাদী পাৰ্টিৰ শক্তি ক্ষয় নহয়।” তেওঁ কয়।