NORTHEAST NOW (Assamese)
অসম

এজন ১৪ বছৰীয়া ছাত্ৰৰ মৃত্যুত কোকিলাত শোকৰ ছা

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী July 23, 2020 11:28 am

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষীণ চকীৰ অন্তৰ্গত চাকলাত এগৰাকী মেধাসম্পন্ন কিশোৰ ছাত্ৰৰ  মৃত্যুৱে অঞ্চলব্যাপি শোকৰ ছা পৰিছে।

নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱান আব্দুল হাইৰ পুত্ৰ দেৱান আৰশ্বিদ আহমেদ (১৪) য়ে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বুধবাৰে নিশা প্ৰায় ১১.৪০ বজাত মৃত্যু হয়।

মেধাৱী ছাত্ৰ তথা অতি অমায়িক হিচাপে পৰিচিত আৰশ্বিদৰ মৃত্যুৰ পিছত আবেলি চাকলা বজাৰত দোকান পোহাৰ বন্ধ কৰি শোক পালন কৰে।

আৰশ্বিদৰ মৃতুৰ খবৰ পাই উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ, প্ৰাক্তন বিধায়ক মকবুল হুছাইন, বঙাইগাঁও জিলা এআইডিইউএফৰ সভাপতি ছুৰমান আলীয়ে ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে বঙাইগাঁও জিলা আমছু, বঙাইগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, আজাদ ক্লাৱ এণ্ড লাইব্ৰেৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

মেধাসম্পন্ন অমায়িক স্বভাৱৰ আৰশ্বিদৰ মৃত্যত কোকিলা প্ৰেছ ক্লাবৰ তৰফৰ পৰাও সমবেদনা জ্ঞাপন কৰিছে সভাপতি মকবুল ইছলাম, সম্পাদক ৰফিকুল ইছলামৰ লগতে সদস্য সকলেও।