NORTHEAST NOW (Assamese)
অসম

ভাৰতক কোবাই যাব কোভিডৰ তৃতীয় ঢৌৱে, স্পষ্ট কৰিলে চৰকাৰী পেনেলে, কেতিয়া আহিব তৃতীয় ঢৌ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 19, 2021 4:47 pm
rk-covid

কোভিডৰ তৃতীয়টো ঢৌৱে কোবাই যাব ভাৰতক।

ইতিমধ্যে কোভিডৰ দুটাকৈ ঢৌৰ আঘাতত ভাৰতৰ স্বাস্থ্য খণ্ডকে ধৰি অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে।

এনে সময়তে কোভিডৰ তৃতীয়টো ঢৌৰ আগমনে দেশক কেনে পৰ্যায়লৈ লৈ যায় সেয়া ভাবি শংকিত হৈ পৰিছে বহুতে।

কোভিডৰ গতিবিধি সম্পৰ্কত অধ্যয়ন চলাবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কোভিড-১৯ চুপাৰ মডেল সমিতিয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰি এই বুলি মন্তব্য কৰিছে যে ২০২২ চনৰ প্ৰথম ভাগৰে পৰা দেশত কোভিডৰ তৃতীয় ঢৌ আহিব আৰু ফেব্ৰুৱাৰী মাহত সেই ঢৌ অতি তীব্ৰতৰ হৈ পৰিব।

সমিতি খনৰ মুৰব্বী এম বিদ্যাসাগৰে প্ৰকাশ কৰা মতে অমিক্ৰনৰ সংক্ৰমনৰ হাৰ ডেল্টাতকৈ বেছি হ’লেই দেশত কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈ যাব। এয়া অহা বছৰৰ প্ৰথম ভাগতে সংঘটিত হোৱাৰ সূৰ্ণ আশংকা থকা বুলি তেওঁ মন্তব্য কৰিছে।

তেওঁ অৱশ্যে লগতে এইবুলিও কয় যে কোভিডৰ তৃতীয় ঢৌ প্ৰথ আৰু দ্বিতীয় ঢৌতকৈ কম বিধ্বংসী হ’ব। কাৰণ ইতিমধ্যে দেশৰ বহু লোকে ভেকচিন গ্ৰহণ কৰিছে।

দেশত আজি কোভিডৰ অমিক্ৰন প্ৰজাতিত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১৪৩ গৰাকী।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৭ হাজাৰ ৮১জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২৬৪ জন লোকৰ মৃত্যু হৈছে।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৭ হাজাৰ ৪২২জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ৪৬৯ জন লোক। সুস্থতাৰ হাৰ ৯৮.৩৮ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৯৪০জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৮৩ হাজাৰ ৯১৩জন। এয়া বিগত ৫৭০ দিন ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগীৰ সংখ্যা।
বৰ্তমানলৈ দেশত ১৩৭ কোটি ৪৬ লাখ ১৩হাজাৰ ২৫২জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৬লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে বিগত ২৪ ঘন্টাত দেশত মুঠ ১২লাখ ১১ হাজাৰ ৯৭৭জন লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে।

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।
দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।