NORTHEAST NOW (Assamese)
অসম

মঙলবাৰে সামৰণি পৰিল ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ প্ৰতিযোগিতাৰ; দুটা স্বৰ্ণসহ চাৰিটা পদক আয়োজক অসমৰ

Posted by: এন ই নাও নিউজ October 31, 2018 7:14 am
Thuruk-Village-1

গুৱাহাটীত অনুষ্ঠিত হোৱা ২২ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ প্ৰতিযোগিতাত আয়োজক দল অসমে দুটা স্বৰ্ণ পদককে ধৰি মুঠ চাৰিটা পদক অৰ্জন কৰে।

গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ ছোৱালী দলটোৱে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি দুটা সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়।

উল্লেখ’ যে ছোৱালীৰ ৰেগু ইভেণ্টৰ ফাইনেলত নাগালেণ্ডক পৰাস্ত কৰি স্বৰ্ণ জয় কৰাৰ পাছত মঙলবাৰে ডাবোলছ শাখাৰ ফাইনেলত অন্ধ্ৰপ্ৰদেশক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়।

আনহাতে ল’ৰা আৰু ছোৱালীৰ দলীয় শাখাত অসমৰ দুয়োটা দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

মঙলবাৰে প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকি খেলুৱৈলকলক শুভেচ্ছা প্ৰদান কৰে। তেওঁৰ উপৰি ৰাজ্য চৰকাৰৰ প্ৰধান সচিব হেমন্ত নাৰ্জাৰী, ক্ৰীড়া সঞ্চালক পৱিত্ৰ ৰাম খাউণ্ড, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ লগতে বহুতো লোক উপস্থিত থাকে।