NORTHEAST NOW (Assamese)
Popular Stories

জনতা ভৱনক বিবাহ ভৱন বনাই দিম : ‘ৰণহুংকাৰ’ত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ হুংকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 6, 2019 2:28 pm

‘আমি কেব নামনো নতুনকৈ আনিলেও বা পুৰণা হ’লেও, এয়া আমাৰ স্পষ্ট মত। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা  কলংকিত নায়ক, জাতিৰ দালাল’। এই মন্তব্য কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে।

কেবৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আজি আহ্বান জনোৱা ৰণহুংকাৰ কাৰ্যসূচীত উপস্থিত থাকি ছেত্ৰীয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, ‘সোণোৱালে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ৰাজনীতি শিকিছিল, সেই বিশ্ববিদ্যালয়ে আজি তেওঁক নিষিদ্ধ ঘোষণা কৰিছে’।

‘বিধেয়কৰ পক্ষত যুক্তি দিব নোৱাৰিলে জনতা ভৱনৰ দালাল অসম এৰি পলাব লাগিব। হিমন্তই অযথা কেবৰ বাখ্যা দিব নালাগে। তেওঁ আৰ এছ এছৰ গ্ৰন্থ পঢ়িছে আমি অসম বুৰঞ্জী পঢ়িছো’। এইদৰে আৰ এছ এছ আৰু হিমন্তক সমালোচনা কৰে ছাত্ৰ নেতাজনে।

তেওঁ লগতে কয়, ‘আমাৰ আবেগৰ লগত কোনোবাই খেলিলে তাক অসমৰ মাটিৰ পৰা উফৰাই দিম। প্ৰয়োজন হ’লে জনতা ভৱনক বিবাহ ভৱন বনাই দিম। এই বিবাহ ভৱনতে চকীদাৰ বনাই দিম বিজেপিৰ নেতা মন্ত্ৰী সকলক’।

ইয়াৰ উপৰি কেবৰ সপক্ষে থিয় দিয়া অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক জাতিৰ খলনায়ক বুলিও অভিহিত কৰিছে ৰাহুল ছেত্ৰীয়ে।

ছাত্ৰ নেতাগৰাকীয়ে লগতে কয় যে বিকল্পৰ অভাৱতহে ৰাইজে বিজেপিক ভোট দিছিল কিন্তু আইক বিক্ৰী কৰিবলৈ দিয়া নাছিল।

এইবাৰ অসমৰ জয় হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘বিজেপি, অগপ, কংগ্ৰেছ, এ বি ভি পি যিয়ে যি কৰে কৰক তাত আপত্তি নাই, কিন্তু প্ৰথমে নিজকে অসমীয়া বুলি ভাবিবলৈ শিকা’।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাপি দিবলৈ ওলোৱা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আজি কটনৰ ছাত্ৰ সমাজে আয়োজন কৰা ৰহণহুংকাৰ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ লগতে দল-সংগঠন, বুদ্ধিজীৱি তথা বহুতো শিল্পীয়ে অংশ গ্ৰহণ কৰে।