NORTHEAST NOW (Assamese)
অসম

পাইলট কাৰ নোহোৱাকৈ ৰাজেন গোহাঁই ৰাতি অকলে যায় নিৰ্য্যাতিতা মহিলাগৰাকীৰ ঘৰলৈ : স্থানীয় লোক

Posted by: এন ই নাও নিউজ October 31, 2018 7:43 am
Rajen Gohain

কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে বলাৎকাৰ কৰা বুলি অভিযোগ অনা মহিলাগৰাকীৰ স্বামীয়ে মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ চলাই যাম বুলি ঘোষণা কৰাৰ পাছতে ঘটনাটোত অতিষ্ঠ আৰু লজ্জিত স্থানীয় লোকে ৩০ অক্টোবৰত নিৰ্য্যাতিতাৰ ঘৰ ঘেৰাও কৰে।

স্থানীয় লোকে অভিযোগ কৰে যে তেওঁলোকৰ গাঁওখনক এই চৰিত্ৰহীন দম্পতীয়ে লজ্জিত কৰিছে বাবে তেওঁলোক এইদৰে ওলাই আহিছে। তেওঁলোকৰ মাজৰে একাংশই মানুহঘৰলৈ শিলগুটিও দলিয়ায়।

আনহাতে ৰাইজ সমবেত হোৱাৰ খবৰ পোৱাৰ পিছতে নিৰ্য্যাতিতা মহিলাগৰাকীৰ ঘৰৰ সন্মুখত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। আৰক্ষীয়ে মানুহঘৰৰ গেইটত বাহিৰৰ পৰা তলা মাৰি দিয়ে।

স্থানীয় লোকে অভিযোগ কৰে যে বিজেপি কৰাৰ নাম লৈ এইদৰে যৌন অভিসাৰৰ কাৰবাৰ চলি আছিল বুলি তেওঁলোকে গম পোৱা নাছিল।

“আমি এটা কথাই বুজি পাইছো। বিজেপিত সোমালে এই সুবিধাবিলাক পায়। যদি সুবিধা লাগে বিজেপি কৰিব লাগে। তাৰ জ্বলন্ত উদাহৰণ ৰাজেন গোহাঁই”, এজন স্থানীয় লোকে কয়।

আন এজন স্থানীয় লোকে কয় যে ৰাজেন গোহাঁই সঘনে মানুহঘৰলৈ অহা-যোৱা কৰে। তেওঁলোকে বিজেপিৰ মানুহ বাবে আহে বুলি ভাবিছিল। “এই মানুহঘৰে বিজেপি কৰে, বিজেপিৰ ডাঙৰ নেতা বুলি জানো। কিন্তু ৰাজেন গোহাঁইৰ লগত যে এনেকুৱা সম্পৰ্ক আমিতো জনা নাছিলো। এতিয়াহে গম পাইছো।”, তেওঁ কয়।

“এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে পাইলট কাৰ নোহোৱাকৈ অকলে আহি ৰাতি ৮ বজাৰ পৰা ১১ বজালৈ ইয়াত সোমাই থকাৰ অৰ্থটো কি?” আন এজন স্থানীয় লোকৰ প্ৰশ্ন।

মন কৰিব লগীয়া যে নিৰ্য্যাতিতা মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে মন্ত্ৰীজনৰ মানুহৰ ভয়-ভাবুকিত গোচৰটো উঠাই লৈছিল যদিও এই গোচৰ তেওঁলোকে পুনৰ চলাই যোৱাৰ সংকল্প লোৱা বুলি ২৯ অক্টোবৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে।

আনহাতে শাসকীয় দলৰ ক্ষমতাশালী মন্ত্ৰী হোৱা বাবেই  ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ গোচৰ ৰুজু হোৱাৰ পিছতো আৰক্ষীয়ে তেওঁক জেৰা নকৰা অভিযোগ উঠিছে।