NORTHEAST NOW (Assamese)
দেশ

চৰকাৰৰ বিৰুদ্ধে সন্তানৰ ছ’চিয়েল মিডিয়াৰ একাউণ্ট হেক্ কৰাৰ অভিযোগ তুলিলে প্ৰিয়ংকা গান্ধীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2021 7:51 am
Priyanka Gandhi

সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে চৰকাৰৰ বিৰুদ্ধে ফোন টেপিঙৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এইবাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই চৰকাৰৰ বিৰুদ্ধে আনিছে আন এটা অভিযোগ।

চৰকাৰৰ বিৰুদ্ধে সন্তানৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক কৰাৰ গুৰুতৰ অভিযোগ তুলিছে প্ৰিয়ংকা গান্ধীয়ে।

অখিলেশৰ দ্বাৰা উত্থাপিত ফোন টেপিং অভিযোগ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকাই কয়, “ফোন টেপিঙৰ কথা বাদেই দিয়ক, তেওঁলোকে মোৰ সন্তানৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক কৰি আছে। চৰকাৰৰ কোনো কাম নাই নেকি?”

উল্লেখ্য যে যোৱা দেওবাৰে অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে সমাজবাদী পাৰ্টিৰ নেতাসকলৰ ফোন টেপিং কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

অখিলেশ যাদৱৰ অভিযোগ সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয়, “চৰকাৰৰ কৰ্তব্য কি? মানুহৰ বাবে কাম কৰা। কিন্তু তেওঁলোকে তাৰ সলনি ফোন টেপ কৰি আছে। আপোনাৰ কাম কৰাৰ পৰিৱৰ্তে আপুনি বিৰোধীৰ ফোন ৰেক’ৰ্ড শুনি আছে!”